NORTHEAST NOW (Assamese)
অসম

ধুবুৰী-বঙাইগাঁৱৰ সীমান্তত নাবালিকাক ঘৰৰ পৰাই অপহৰণ কৰি নি বলাৎকাৰ

Posted by: প্ৰণয় দেৱৰয়, বহলপুৰ Updated by: প্ৰণয় দেৱৰয়, বহলপুৰ November 24, 2021 8:18 pm

বঙাইগাঁৱত এফালে অসম চৰকাৰৰ বিশেষ কেবিনেট বৈঠক আনফালে ধৰ্ষনৰ দৰে জঘন্য ঘটনা।

বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত চটো ভাণ্ডাৰাণী গাঁৱত সংঘটিত হৈছে নাবালিকা বলাৎকাৰৰ জঘন্য ঘটনা।

গাঁও খনৰ ১৫বছৰীয়া কিশোৰীএগৰাকীক ঘৰৰ পৰাই অপহৰণ কৰি নি ধৰ্ষণ কৰে দুই পাষণ্ডই।

ধুবুৰী জিলাৰ ৰঙামাটিৰ এখন বিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীগৰাকীক ঘৰত কোনো নথকাৰ সুযোগ লৈ ঘৰৰ পৰা মুখত সোপা দি উঠাই লৈ গৈ ধৰ্ষণ কৰে পাষণ্ড় দুটাই।

অকল ধৰ্ষণ কৰাতে ক্ষান্ত নাথাকি নাবালিকাগৰাকীক মাৰধৰ কৰাৰ অভিযোগো উঠিছে দুই পাষণ্ডৰ বিৰুদ্ধে।

ধৰ্ষণকাৰী এগৰাকীৰ নাম নাছিৰ উদ্দিনৰ পুত্ৰ ৰবিউল ইছলাম বুলি জানিব পৰা গৈছে।

আন গৰাকীক এতিয়ালৈ চিনাক্ত কৰিব পৰা হোৱা নাই।

ৰবিউল ইছলামৰ ঘৰ কোকৰাঝাৰ জিলাৰ দেওডোবা গাঁৱত বুলি জানিব পৰা গৈছে।

ঘটনা সংক্ৰান্তত ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত আৰম্ভ কৰিছে।