NORTHEAST NOW (Assamese)

আমাক মিঞা মিউজিয়াম লাগিবই; বাঘবৰত হিমন্ত মুৰ্দাবাদ ধ্বনিৰে শ্বেৰমান আলীৰ সমৰ্থনত ওলাই আহিল সংখ্যালঘু লোক

October 31, 2020 10:10 am · এন ই নাও নিউজ
নিলম্বিত শ্বেৰমান আলী

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপন কৰিব লাগে বুলি বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে দাবী জনোৱাৰ পাছত বিধায়ক গৰাকীৰ সমৰ্থনত বাঘবৰ সমষ্টিত একাংশ লোক ওলাই আহে।

বাঘবৰ সমষ্টিৰ একাংশ সংখ্যালঘু লোকে শ্বেৰমান আলীৰ সমৰ্থনত ওলাই আহি শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপন হ’ব লাগিবই বুলি শ্লোগান দিয়াৰ লগতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জুমুঠি দাহ কৰে।

উল্লেখযোগ্য যে, শ্বেৰমান আলী আমহেদে মিঞা মিউজিয়াম স্থাপনৰ প্ৰসংগ উল্লেখ কৰাৰ পাছতে হিমন্ত বিশ্ব শৰ্মাই শংকৰদেৱ কলাক্ষেত্ৰত কোনোপধ্যেই মিঞা মিউজিয়াম সম্ভৱ নহয় বুলি মত প্ৰকাশ কৰিছিল।

শ্বেৰমান আলী আহমেদৰ সমৰ্থনত ওলাই অহা সংখ্যালঘু লোকসকলে বাঘবৰ বজাৰত মিঞা মিউজিয়াম লাগিবই, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি চৰকাৰ গ’ বেক আদি ধ্বনি দিয়ে।

আনহাতে, বৃহস্পতিবাৰে শ্বেৰমান আলী আহমেদে বাঘবৰ সমষ্টিত এখন সভাত অংশগ্ৰহণ কৰি সংখ্যালঘু লোক সকলক মিঞা জনগোষ্ঠী বুলি পৰিচয় দিবলৈ আহ্বান জনায়।

Related News