NORTHEAST NOW (Assamese)

ডিব্ৰুগড়ত গৰুৰ চোৰাং কাৰবাৰীৰ হাতত নিহত এজন

September 21, 2018 9:33 pm · অভিক চক্ৰবৰ্তী
Updated: September 21, 2018 9:36 pm
প্ৰতিনিধিত্বমূলক ফটো

ডিব্ৰুগড়ৰ চাউখোৱাত গৰুৰ কুখ্যাৎ চোৰাং কাৰবাৰী মিণ্টু আলীয়ে ছালিম আলী (৫০) নামৰ লোকজনক হত্যা কৰাৰ বাতৰি আহিছে। স্থানীয় লোকৰ পৰা জানিব পৰা মতে কোনো অজ্ঞাত কাৰণত অভিযুক্ত মিণ্টুৱে ছালিম আলীক ডিঙি কাটি হত্যা কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

গুৰুতৰভাৱে আহত ছালিম আলীক স্থানীয় লোকসকলে ততাতয়াকৈ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক বাটতেই মৃত্যু হোৱা বুলি ঘোষণা কৰে।

উল্লেখ্য যে গৰুৰ কুখ্যাৎচোৰাং কাৰবাৰী মিণ্টু আলীক বহুবাৰ গৰুভৰ্তি ট্ৰাকসহ ধৰা পেলায়ো উপযুক্ত তথ্যৰ অভাৱত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাছিল।

স্থানীয় লোকৰ অভিযোগ যে আৰক্ষীয়ে সকলে জানিও চকুমুদা কুলিৰ ভূমিকা পালন কৰি আহিছে। মিণ্টু আলীয়ে স্থানীয় যুৱকসকলক তেওঁৰ দলত যোগদান কৰাৰ বাবে ভাবুকি দি আহিছে বুলিও স্থানীয় ৰাইজে প্ৰকাশ কৰিছে।

এগৰাকী সূত্ৰই কয়, ‘‘মিণ্টু আলীয়ে বহু বছৰ ধৰি গৰুৰ চোৰাং কাৰবাৰ কৰি আহিছে। উজনি অসমৰ গৰু চোৰৰ সৈতে মিন্টু আলীৰ এটা যোগসূত্ৰ আছে। আলীয়ে কচাইখানাত চোৰাংগৰু বিক্ৰি কৰে সূত্ৰটোৱে কয়। আলীয়ে নিশা গৰাকী নোহোৱা গৰুবোৰ বাটৰ পৰা তুলি লৈ যায়।’’

স্থানীয় লোকসকলে প্ৰায় এঘণ্টা ধৰি লাহোৱাল থানা ঘেৰাও কৰি দোষীক অনতিপলমে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়।

Related News