NORTHEAST NOW (Assamese)

অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী পদত মীৰা বৰঠাকুৰ

March 23, 2022 7:18 am · কল্পজ্যোতি শইকীয়া, গুৱাহাটী
Updated: March 23, 2022 11:30 am

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰক অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ নতুন সভানেত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে।

ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে. চি বেনুগোপালে এক বিজ্ঞপ্তিযোগে জনাইছে এই কথা।

মঙ্গলবাৰে সন্ধ্যিয়া এই দায়িত্ব অৰ্পন কৰা হয় কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰক।

দায়িত্ব লাভ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰঠাকুৰে কয় “মোক এই গধুৰ দায়িত্ব অৰ্পণ কৰাৰ বাবে দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃবৃন্দৰ ওচৰত মই চিৰকৃতজ্ঞ।”

“মোৰ বিশ্বাস দলৰ নেতৃত্বৰ পৰামৰ্শ আৰু দলৰ আদৰ্শ আগত ৰাখি অসম আৰু অসমীয়াৰ ক্ষতি নোহোৱাকৈ দলটোক শক্তিশালী কৰি মাতৃ সমাজক প্ৰতিনিধিত্ব কৰিবলৈ সংকল্পবদ্ধ হৈ কাম কৰাৰ প্ৰতিশ্ৰুতিৰে সকলোৰে দিহা পৰামৰ্শ আৰু আশীৰ্বাদ বিচাৰিছোঁ।”- তেওঁ লগতে কয়।

এতিয়া পৰৱৰ্তী পৰ্যায়ত লক্ষণীয় হ’ব এই গধুৰ দায়িত্ব কংগ্ৰেছ নেত্ৰী গৰাকীয়ে কেনেদৰে চলাই নিব পাৰে।

Related News