NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰৰ ছালাকাটিত কেএলঅ’ৰ নাম কৈ পিষ্টলেৰে ব্যৱসায়ীক আক্ৰমণ; লুটি নিলে ধন

Posted by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ June 11, 2022 6:42 am

কোকৰাঝাৰৰ ছালাকাটিত নিশা এক উত্তেজনাই বিৰাজ কৰে। কেএলঅ’ৰ নাম কৈ ব্যৱসায়ীক আক্ৰমণৰ ঘটনা ঘটাৰ পিছতে সৃষ্টি হয় উত্তেজনাৰ।

ছজনীয়া এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে ব্যৱসায়ী বিকাশ জৈন (৩৫)ক। দলটোৱে ব্যৱসায়ীজনৰ দোকানতো লুটপাত চলায়।

লগতে পঢ়ক: নিৰাশাজনক ফলাফল: ৰাজ্যৰ ১০২ খন বিদ্যালয়লৈ ছেবাৰ কাৰণ দৰ্শোৱা জাননী; ২৫ খনৰ ফলাফল শূণ্য

দুৰ্বৃত্তই পিষ্টলেৰে ব্যৱসায়ীজনৰ মূৰত আক্ৰমণ কৰে। ছজনীয়া যুৱকৰ দলটোৰ হাতত আছিল চাৰিটা পিষ্টল।

দলটোৰ সদস্যই ব্যৱসায়ী বিকাশ জৈনক পিষ্টলেৰে মূৰত আঘাত কৰে। তেওঁলোকে দোকানখনৰ কৰ্মচাৰী কৃষ্ণ বৰ্মনকো আক্ৰমণ কৰে।

লগতে পঢ়ক: টীয়কৰ ঢেকীয়াখোৱাত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অচিনাকী মৃতদেহ উদ্ধাৰ

দুৰ্বৃত্তৰ দলটোৱে কেচবক্সৰ পৰা নগদ ধনো লুটি লৈ যায়। তেওঁলোকে চিচি কেমেৰা বুলি টিভিটোও ভাঙি থৈ যায়।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে।