ডিব্ৰুগড়ত অচিনাক্ত দুৰ্বৃত্তই যুৱতীক হত্যা কৰি পেলাই থৈ গ’ল বাগিচাৰ নলাত
ডিব্ৰুগড় জিলাৰ বৰবৰুৱাত আজি সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড।
বৰবৰুৱা বাগিচাৰ নলাত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। যুৱতীগৰাকীক কোনো দুৰ্বৃত্তই হত্যা কৰি বাগিচাখনৰ নলাত পেলাই থৈ যায়।
উল্লেখযোগ্য যে পুৱা যুৱতীগৰাকী নিজ গৃহৰ পৰা কামলৈ বুলি ওলাই গৈছিল। পিছত দিনৰ ১১ বজাত বাগিচাখনৰ শ্ৰমিকে ডিঙিত কাপোৰ বন্ধা অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ দেখা পাই আৰু আৰক্ষীক খবৰ দিয়ে।
আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। বাতৰি লিখা পৰলৈকে যুৱতীগৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই।
স্থানীয় একাংশ লোকে কোনো দুৰ্বৃত্তই যুৱতী গৰাকীক ধৰ্ষণ কৰি পিছত এনেদৰে হত্যা কৰি বাগিচাৰ নলাত পেলাই থৈ যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।
ইফালে এনেদৰে এগৰাকী যুৱতীক দিনৰ ভাগতে হত্যা কৰি নলাত পেলাই থৈ যোৱা ঘটনাই অঞ্চলটোত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।