NORTHEAST NOW (Assamese)
অসম

মহানগৰীত সাংবাদিকৰ মূৰত পিষ্টল থৈ হত্যাৰ ভাবুকি অচিনাক্ত দুৰ্বৃত্তৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 22, 2019 1:55 pm
WhatsApp Image 2019-10-22 at 12.07.28 PM(1)

সোমবাৰে নিশা প্ৰায় ১০.৪৫ বজাত বজাৰ কৰি উভতি অহাৰ পথত হত্যাৰ ভাবুকিৰ সন্মুখীন হ’ল বিশ্বজিত নাথ নামৰ সাংবাদিক গৰাকী।

ঘটনা বিবৰণি অনুসৰি ভেটাপাৰাৰ চম্পক নগৰৰ পথেৰে বজাৰ কৰি নিজৰ ঘৰলৈ আহি থকা সময়তে দুই অস্ত্ৰধাৰী দুৰ্বৃত্তই দুফালৰ পৰা দুটা পিষ্টল মূৰত লগাই ফেচবুকত যি টি পোষ্ট নিদিবলৈ ভাবুকি প্ৰদান কৰে।

“মই বজাৰ কৰি আহি থাকোঁতে এখন বগা ৰঙৰ ইনোভা গাড়ী মোৰ কাষত ৰখায়। গাড়ীৰ পৰা দুজন অচিনাক্ত ব্যক্তি নামি আহি দয়োজনে দুফালৰ পৰা দুটা পিষ্টল লগাই এনেদৰে ভাবুকি দিয়ে ‘তোৰ বেছি হৈছে। তই ফেচবুকত যি টি লিখ’ তোক চাই লম’।‘’ সাংবাদিক বিশ্বজিৎ নাথে জানিবলৈ দিয়ে।

WhatsApp Image 2019-10-22 at 10.42.49 AM
সাংবাদিক বিশ্বজিৎ নাথে বশিষ্ঠ থানাত দাখিল কৰা এজাহাৰখন।

তদুপৰি, নানা ধৰণৰ অশ্লীল মাতেৰে গালি গালাজ কৰি তেওঁক হত্যাৰ ভাবুকি দিয়ে বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে সাংবাদিক নাথে।

নাথে লগতে কয়, ‘’মোৰ কাৰো লগত ব্যক্তিগত শত্ৰুতা নাই। এজন সাংবাদিক হোৱাৰ বাবে বৃত্তিগত কাৰণত কাৰোবাৰ বিৰুদ্ধে বাতৰি লিখিছোঁ বা সমালোচনা কৰিছোঁ।‘’

ইপিনে, ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে সাংবাদিকগৰাকীয়ে বশিষ্ঠ থানাত এখন এজাহাৰ দাখিল কৰিছে।

“মোৰ লগতে পৰিয়ালোঁ বৰ্তমান শংকিত হৈ পৰিছে আৰু সুৰক্ষাৰ বাবে চিন্তিত হৈ পৰিছে,”- এজাহাৰত সাংবাদিক নাথে এইদৰে উল্লেখ কৰিছে।

স্বাভাৱিকতে মহানগৰীৰ মাজমজিয়াতে এগৰাকী সাংবাদিকৰ মূৰত পিষ্টল লগাই দুৰ্বৃত্তই হত্যাৰ ভাবুকি দিয়াৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।