NORTHEAST NOW (Assamese)

দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা সাৰি নগ’ল জাতীয় শ্বহীদৰ ত্যাগৰ স্মৃতিসৌধও; বিভিন্ন দল-সংগঠনৰ তীব্ৰ গৰিহণা

December 26, 2020 6:44 am · কল্পজ্যোতি শইকীয়া
ফটো: নৰ্থইষ্ট নাও।

অসমৰ জাতীয় সংগঠনৰ ওপৰত পুনৰ দুৰ্বৃত্তৰ আক্ৰমণ। এইবাৰ গুৱাহাটী নাৰেংগীস্থিত পূব গুৱাহাটী প্ৰেছ ক্লাব আৰু নাৰেংগী ছাত্র সন্থাৰ কাৰ্যালয় দুস্কৃতিকাৰীয়ে আক্ৰমণ কৰি লণ্ড ভণ্ড কৰে।

আনকি দুৰ্বৃত্তৰ হাতৰ পৰা সাৰি নগ’ল শ্বহীদৰ স্মৃতিসৌধও। এই লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

ঘটনা সন্দৰ্ভত পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি চামছুল ৰহমান আৰু সম্পাদক মনোজ কুমাৰ ডেকা, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক টুটু মণি চৌধুৰী, নাৰেংগী ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি অপূৰ্ব বৈশ্য আৰু সম্পাদক দ্বীপজ্যোতি কলিতাই ঘটনা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

এই সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনায় যে, পূব গুৱাহাটী প্ৰেছ ক্লাব আৰু নাৰেংগী ছাত্র সন্থাই যুটীয়াভাৱে নাৰেংগী তিনি আলিৰ এল জি টাৱাৰৰ সমীপত কাৰ্যালয় স্থাপন কৰি দীৰ্ঘদিন ধৰি ভোগ কৰি আহিছে।

আনকি দুয়োটা অনুষ্ঠানে সভা সমিতি পাতি ৰাইজক সেৱা আগবঢ়াই আহিছে। তেনেস্থলত বৃহস্পতিবাৰে মাজনিশা দুৰ্বৃত্তই আছু আৰু প্ৰেছ ক্লাবৰ কাৰ্যালয়টো ভাঙি লণ্ড ভণ্ড কৰে।

আনকি দুৰ্বৃত্তৰ দলটোৱে অসমৰ জাতীয় সংগ্ৰামত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদৰ ত্যাগকো ভৰিৰে মোহাৰি কাৰ্যালয়ত থকা শ্বহীদ বেদীটোও দূৰলৈ দলিয়াই পেলায়।

শুকুৰবাৰে পুৱাৰ ভাগত স্থানীয় ৰাইজে কাৰ্যালয়টো লণ্ড ভণ্ড হৈ থকা দেখা পাই হতভম্ব হৈ পৰে। ঘটনাসন্দৰ্ভত প্ৰেছ ক্লাব আৰু আছুৰ নেত্ৰীবৰ্গক খবৰ দিয়ে।

ঘটনা স্থলীত উপস্থিত হৈ দুয়োটা সংগঠনৰ নেতৃত্বই আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ চৰজমিন তদন্ত কৰে যদিও এতিয়ালৈ কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাই। ঘটনা সন্দৰ্ভত প্ৰেছ ক্লাব আৰু আছুই এখন এজাহাৰ দাখিল কৰিছে।

এই ঘটনাক স্থানীয় ৰাইজে সহজ ভাবে লব পৰা নাই। জাতীয় সংগঠনৰ কাৰ্যালয় লণ্ড ভণ্ড কৰা ঘটনাক অসম জাতীয়তাবাদী যুৱ ছাত্র সন্থা, জু-নাৰেংগী, সাতগাওঁ, নুনমাটি, চান্দমাৰি আৰু ছাত্র সন্থা, নুনমাটি নাগৰিক সমিতি, নাৰেংগী লক্ষী  বজাৰ কমিটি, নাৰেংগী উন্নয়ন সমিতি আদিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু অতি সোনকালে এই ঘটনাৰ লগত জড়িত দোষীক কৰায়ত্ত কৰি উচিত শাস্তি বিহাৰ দাবী জনায়।

উল্লেখ্য যে, দুস্কৃতিকাৰীয়ে প্ৰেছ ক্লাব আৰু আছুৰ নথি পত্ৰ, ষ্টাম্প, পেড আদিও লুট কৰি নিয়ে।

Related News