দুৰ্নীতিৰ গ্ৰাসত মিছ ইউনিভাৰ্ছ! ‘সন্মান বচোৱাটোহে গুৰুত্বপূৰ্ণ’ বুলি মিছ ফ্ৰান্সৰ প্ৰতিযোগিতা বৰ্জন

ব্ৰহ্মাণ্ডৰ আটাইতকৈ ধুনীয়া গৰাকীক সন্মান জনোৱা মঞ্চখনকে এইবাৰ বৰ্জন কৰিলে মিছ ফ্ৰান্স হিনাউপোকো দেভেজেয়ে। তেওঁ স্পষ্টকৈ জনাই দিয়ে যে মিছ ইউনিভাৰ্ছৰ মঞ্চই অতীতৰ গৰিমা আৰু নৈতিকতা সকলো বিসৰ্জন দিছে। সেয়েহে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জয়লাভ কৰাতকৈ নিজৰ মৰ্যাদা অক্ষুণ্ণ ৰখাটো বেছি গুৰুত্বপূৰ্ণ। উল্লেখযোগ্য যে, যোৱা বছৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত মেক্সিকোৰ ফাটিমা বশ্বে জয়লাভ কৰিছিল। কিন্তু তেওঁ নিজৰ যোগ্যতাৰ বলত জয়ী হোৱা নাই বুলি বিতৰ্কৰ সৃষ্টি হৈছিল। ইয়াৰ পিছতেই মিছ ফ্ৰান্সে প্ৰতিযোগিতাখনৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লয়।
প্ৰতিযোগিতাৰ পৰা আঁতৰি অহাৰ কথা ঘোষণা কৰি ইনষ্টাগ্ৰামত এক দীঘলীয়া বিবৃতি দিছে মিছ ফ্ৰান্সে। তেওঁলোকৰ মতে একশ বছৰতকৈও অধিক সময় ধৰি সন্মান আৰু মৰ্যাদাৰ প্ৰতীক হৈ আহিছে মিছ ফ্ৰান্স। কিন্তু সাম্প্ৰতিক সময়ত, বিশেষকৈ যোৱা বছৰৰ পৰা মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা এই মূল্যবোধৰ পৰা আঁতৰি গৈছে। ধাৰাবাহিকভাৱে বিতৰ্ক আৰু ভুল-ভ্ৰান্তি পোহৰলৈ আহিছে। আনকি আয়োজকসকলৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগো উত্থাপন হৈছে। এই সকলোবোৰ কাণ্ডৰ ফলত মিছ ইউনিভাৰ্ছ মঞ্চৰ সন্মান একেবাৰে ধূলিসাৎ হৈছে। এনে প্ৰতিযোগিতাত জয়লাভ কৰাতকৈ নিজৰ সন্মান বজাই ৰখাটোৱেই তেওঁলোকৰ বাবে বহুত বেছি প্ৰয়োজনীয়।
১৯৫২ চনৰ পৰাই ফ্ৰান্সে মিছ ইউনিভাৰ্ছত অংশগ্ৰহণ কৰি আহিছে আৰু দুবাৰকৈ এই প্ৰতিযোগিতাত বিজয়ীও হৈছে। যোৱা বছৰ মিছ ফ্ৰান্সে শ্ৰেষ্ঠ ৩০ জনৰ ভিতৰত স্থান লাভ কৰিছিল। কিন্তু এই প্ৰথমবাৰৰ বাবে তেওঁলোকে এই সৌন্দৰ্য প্ৰতিযোগিতাৰ পৰা আঁতৰি আহিছে। ছচিয়েল মিডিয়াতো মিছ ফ্ৰান্সৰ এই সিদ্ধান্তক বহুতে প্ৰশংসা কৰিছে। বহুতে আনকি এয়াও কৈছে যে আন দেশৰ প্ৰতিযোগীসকলেও এই মঞ্চ বৰ্জন কৰিব পাৰে। অৱশ্যে এই ভয়ংকৰ অভিযোগৰ উত্তৰত মিছ ইউনিভাৰ্ছৰ তৰফৰ পৰা এতিয়ালৈকে একো কোৱা হোৱা নাই।
উল্লেখযোগ্য যে, যোৱা বছৰ প্ৰতিযোগিতাৰ পূৰ্বে মিছ ইউনিভাৰ্ছৰ শীৰ্ষ বিষয়াই ফাটিমাক সকলোৰে আগত মূৰ্খ বুলি কটাক্ষ কৰিছিল। তেওঁৰ অপৰাধ আছিল যে নিৰ্দেশ মানি তেওঁ ৰিল বনোৱা নাছিল। এই সমগ্ৰ ঘটনাক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। কিন্তু আশ্চৰ্যজনকভাৱে সেই ফাটিমায়েই ব্ৰহ্মাণ্ডসুন্দৰীৰ খিতাপ দখল কৰে। তাৰ পিছতেই প্ৰশ্ন উত্থাপন হয় যে দেউতাকৰ প্ৰভাৱ আৰু প্ৰতিপত্তি খটুৱাই তেওঁ এই খিতাপ কিনিছে। মুঠৰ ওপৰত বিভিন্ন বিতৰ্কৰে ভৰি পৰিছে মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা। এতিয়া ফ্ৰান্সৰ এই বৰ্জনে নতুন এক বিতৰ্কৰ সূচনা কৰিছে।