NORTHEAST NOW (Assamese)
অসম

পাঠশালাত উদ্যমী যুৱকৰ তৎপৰতাত কুমাৰীকাটাৰ পৰিয়ালৰ লোকে ওভতাই পালে নিৰুদ্দিষ্ট লোকক

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক June 24, 2021 8:59 am
kjkj

বজালী জিলাৰ পাঠশালা বৰশিমলা গাঁওৰ ভাষ্কৰ ডেকা নামৰ এগৰাকী যুৱকৰ প্ৰশংসনীয় পদক্ষেপ।

ভাস্কৰৰ তৎপৰতাত বাক্সা জিলাৰ কুমাৰীকাটাৰ পৰা নিৰুদ্দিষ্ট হোৱা ধ্বজেন ৰাজবংশী নামৰ এগৰাকী লোকক পৰিয়ালৰ লোকে ওভতাই পাবলৈ সক্ষম হৈছে।

তামুলপুৰ মহকুমাৰ দক্ষিণ কুমাৰীকাটা নিবাসী ধ্বজেন ৰাজবংশী নামৰ মানসিক ভাৰসাম্য হেৰুওৱা লোক এজন এমাহ মান ধৰি ঘৰৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল।

পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও ধ্বজেনৰ কোনো সন্ধান উলিয়াব পৰা নাছিল।
মঙ্গলবাৰে পুৱাৰ ভাগত মানসিক ভাৱে ভাৰসাম্য হেৰুওৱা লোক এজনক পাঠশালাৰ বৰশিমলা গাঁওৰ ভাষ্কৰ ডেকাৰ লগতে স্থানীয় যুৱক কেইজনমানে উদ্ধাৰ কৰে।

লোক জনক সোধা পোছা কৰাত তেওঁৰ ঘৰ বাক্সা জিলাৰ কুমাৰীকাটাত বুলি প্ৰকাশ কৰে।

ভাষ্কৰ ডেকাই লোক জনক দাঢ়ি চুলি কটাই নিজৰ ঘৰলৈ লৈ যায়। তেওঁক ভাস্কৰে গা পা ধুৱাই দিয়ে আৰু নতুন কাপোৰ পিন্ধিবলৈ দি খোৱা লোৱাৰো ব্যৱস্থা কৰে।

ভাষ্কৰে লোকজনক তেওঁৰ ঘৰত ৰাখি থৈ লোকজৰ ফটো ফেচবুকত প্ৰকাশ কৰাৰ উপৰি বিভিন্ন প্ৰক্ৰিয়াৰে লোকজনৰ ঘৰৰ ঠিকনা উলিয়াবলৈ চেষ্টা অব্যাহত ৰাখে।

মঙ্গলবাৰে আবেলি ভাস্কৰৰ বন্ধু অমল হালৈ নামৰ এজন যুৱকে লোকজনৰ সন্দৰ্ভত তামুলপুৰৰ এগৰাকী সংবাদদাতাৰ সৈতে যোগাযোগ কৰে।

লগে লগে সংবাদদাতা জনে দক্ষিণ কুমাৰীকাটা নিৱাসী তথা কুমাৰীকাটা শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য গোপদেৱ ভৰালীৰ লগত যোগাযোগ কৰি ফটো পঠাই দিয়ে।

গোপদেৱ ভৰালীয়ে ধ্বজেন ৰাজবংশী নামৰ লোকজন দক্ষিণ কুমাৰীকাটাৰ বুলি চিনাক্ত কৰি পৰিয়ালৰ লোকক খবৰ দিয়ে।

বুধবাৰে ধ্বজেনৰ পৰিয়ালৰ লোক পাঠশালাৰ বৰশিমলা গাঁওত উপস্থিত হৈ ভাষ্কৰ ডেকা আৰু স্থানীয় যুৱক কেইজনক লগ কৰে।

ভাষ্কৰৰ লগতে স্থানীয় যুৱক আৰু গাঁওৰ পুৰুষ- মহিলা সকলে ধ্বজেন ৰাজবংশীক পৰিয়ালৰ লোকৰ হাতত গতাই দিয়ে।

শিক্ষক তথা যুৱ সমাজকৰ্মী ভাষ্কৰ ডেকাৰ প্ৰচেষ্টাক স্থানীয় ৰাইজৰ উপৰিও ধ্বজেনৰ পৰিয়াল আৰু কুমাৰীকাটাবাসী ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।