NORTHEAST NOW (Assamese)
অসম

নিৰুদ্দিষ্ট সুৰুজ জামালৰ সন্ধানত আৰক্ষীয়ে বিচাৰি পালে কি?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 25, 2019 7:56 pm
Suruj Jamal

মহানগৰীৰ গাড়ীগাঁৱৰ যুৱকৰ চাঞ্চল্যকৰ নিৰুদ্দেশৰ ঘটনাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। নিৰুদ্দিষ্ট যুৱকজন মহানগৰীৰ গাড়ীগাঁও মেধিপাৰাৰ সুৰজ জামাল। যোৱা ১৪ জুনত নিজ ঘৰৰ পৰা চাকৰি দিয়াৰ প্ৰলোভনৰে জামালক লৈ গৈছিল এজন যুৱকে।

চাকৰি দিয়াৰ প্রলোভনৰে ৰঙিয়াৰ পাপু নামৰ যুৱক এজনে জামালক জম্মু কাশ্মীৰলৈ লৈ যায়। জামালৰ পৰিয়ালৰ লোকে জনোৱা অনুসৰি পাপুৰ সৈতে সামৰিক বাহিনীৰ পোছাক পৰিহিত এজন লোকো আছিল।

অসমৰ পৰা মুঠ ২৫ জনক চাকৰিৰ প্ৰলোভনেৰে জম্মু কাশ্মীৰলৈ যোৱা হৈছিল। এই দলটোত বঙাইগাঁও, ৰঙিয়া, গুৱাহাটী আৰু উজনি অসমৰ যুৱক-যুৱতী আছিল। জানিব পৰা মতে, দলটোত তিনিগৰাকী ছোৱালীও আছিল।

যোৱা ২১ জুনৰ দিনা দিল্লীৰ পৰা শেষবাৰলৈ জামালে পৰিয়াললৈ ফোন কৰিছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। তেতিয়া তেওঁ দিল্লীৰ পৰা জম্মু কাশ্মীৰলৈ নি থকা বুলি কৈছিল। তাৰ পাছৰ পৰা জামালৰ মোবাইল ছুইটছ অফ আছিল বুলি পৰিয়ালৰ লোকে জনায়।

আনহাতে, যোৱা ২১ জুনৰ দিনাই  জালুকবাৰী আৰক্ষী চকীত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল।

ইপিনে, এই ঘটনাক সন্ত্ৰাসবাদী সংগঠন ISIS ত যোগদানৰ বাবে অসমৰ পৰা ল’ৰা ছোৱালী নিয়া হৈছে বুলি সন্দেহ কৰা হৈছিল যদিও এই কথা নাকচ কৰিছে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে।

আৰক্ষী আয়ুক্ত কুমাৰে কয়, ” ISIS ত যোগদান কৰোৱা বুলি ওলোৱা প্ৰচাৰ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন। আমি জম্মু-কাশ্মীৰ আৰক্ষীৰ সৈতে সম্পূৰ্ণ ৰূপে যোগাযোগ ৰাখিছোঁ আৰু অতি সোনকালে জামালক উদ্ধাৰ কৰা হ’ব।”

আনহাতে, শেহতীয়া আৰক্ষীৰ তথ্য অনুসৰি কাশ্মীৰৰ অনন্তনাগ জিলাৰ কাজিগুন্দত জামালৰ অৱস্থিতি ধৰা পৰিছে। বৰ্তমান তাৰ স্থানীয় আৰক্ষীয়ে তেওঁলোকক নিজৰ জিম্মালৈ আনিছে আৰু শীঘ্ৰেই অসমলৈ প্ৰেৰণ কৰাৰ বাবে যো-জা চলাইছে। তদুপৰি, যুৱক-যুৱতীকেইগৰাকী বৰ্তমান বিপদমুক্ত আৰু সুস্থ অৱস্থাত আছে।