NORTHEAST NOW (Assamese)
অসম

দুবছৰে সন্ধানহীন ওদালগুৰিৰ নাবালক ছাত্রৰ সন্ধান ওলাল উত্তৰ প্ৰদেশত

Posted by: চাজিদ খান, ওদালগুৰি Updated by: চাজিদ খান, ওদালগুৰি January 19, 2022 7:04 am
Assam

ওদালগুৰি জিলাৰ মাজবাট থানাৰ অন্তৰ্গত মাজবাট চাহ বাগিচাৰ নিউ লাইনৰ নিবাসী ভীম ভৌমিজৰ সন্ধানহীন পুত্ৰ অজয় ভৌমিজক (১৪)অৱশেষত উদ্ধাৰ কৰা হ’ল উত্তৰ প্ৰদেশৰ পৰা।

দুবছৰ আগতে নিজ ঘৰৰ পৰাই সন্ধানহীন হৈছিল অজয় ভৌমিজ।

আজি পৰিয়ালৰ লোকে ওদালগুৰি জিলা শিশু সুৰক্ষা সমিতিৰ কাৰ্যালয়ৰ পৰা চমজি লয় অজয় ভৌমিজক।

উল্লেখযোগ্য যে দুবছৰ আগতে ঘৰৰ পৰিয়ালৰ অজ্ঞাতে সন্ধানহীন পৰিছিল অজয়।

পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰাৰ পিছতো কোনো সন্ধান পোৱা নাছিল অজয়ৰ।

কিন্তু কিছু দিন আগতে উত্তৰ প্ৰদেশৰ ফিৰোজাবাদস্থ চাইল্ড লাইনে ভীম ভৌমিজৰ পৰিয়াললৈ অজয়ক উদ্ধাৰ কৰাৰ খবৰ পঠায়।

সম্পূৰ্ণ দুমাহৰ অন্তত উত্তৰ প্ৰদেশৰ ফিৰোজাবাদস্থ চাইল্ড লাইনে অৱশেষত গতাই দিলে ওদালগুৰি জিলাৰ শিশু সুৰক্ষা সমিতিক।

অৱশেষত ওদালগুৰি জিলা শিশু সুৰক্ষা সমিতিৰ পৰা মঙলবাৰে অজয়ক পৰিয়ালৰ লোকে চমজি লয়।

উল্লেখযোগ্য যে জিলা খনত এতিয়াও বহু শিশু সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে।