NORTHEAST NOW (Assamese)
অসম

অসমৰ পৰা সন্ধানহীন হোৱা মহিলাক উত্তৰ প্ৰদেশত উদ্ধাৰ

Posted by: অনিৰ্বাণ পাঠক August 11, 2018 8:05 pm

উত্তৰ প্ৰদেশৰ কানপুৰত উদ্ধাৰ হোৱা অসমৰ এগৰাকী অসহায় মহিলা সম্প্ৰতি গুৱাহাটীৰ গ্ল’বেল অৰগেনাইজেশ্বন ফ’ৰ লাইফ ডেভলেপমেন্ট চমুকৈ গ’ল্ড নামৰ সংস্থাৰ তত্বাৱধানত আছে। কিন্তু মানসিকভাৱে বাধাগ্ৰস্ত মহিলা গৰাকীয়ে সঠিক তথ্য দিব নোৱাৰৰ বাবে বহু চেষ্টা কৰিও তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিব পৰা নাই সংস্থাটোৱে।

বৰ্তমান সংস্থাটোৰ চয়মাইলস্থিত আশ্ৰয় গৃহত ৰখা এই মহিলা গৰাকীয়ে তেওঁৰ নাম ফুলমতি গগৈ বুলি জানিবলৈ দিছে যদিও তেওঁৰ ঘৰ বিভিন্ন সময়ত বেলেগ বেলেগ স্থানত বুলি জানিবলৈ দিয়ে। সাংবাদিকে শোধাত এবাৰ ঢোলপেটা আনবাৰ শদিয়াৰ চেপাখোৱাত বুলি কয়।

উল্লেখযোগ্য যে যোৱা ১৭ জুলাইত উত্তৰ প্ৰদেশৰ এটা স্বেচ্ছাসেৱী সংস্থাই উদ্ধাৰ কৰি মহিলাগৰাকীক আৰক্ষীক চমজাই দিছিল। পৰৱৰ্তী সময়ত যোৱা ৭ আগষ্টত উত্তৰ প্ৰদেশৰ কানপুৰ আৰক্ষীৰ এটা দলে মহিলাগৰাকীক গুৱাহাটীলৈ লৈ আনে। তাৰ পিছতেই তেওঁক গ’ল্ড নামৰ সংস্থাটোৱে চমজি লয়।

মহিলাগৰাকীক যদি কোনো লোকে চিনি পায় তেন্তে সংস্থাটোৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে সংস্থাটোৰ সহকাৰী সাধাৰণ সম্পাদক কাৱেৰী শৰ্মাই। মহিলাগৰাকীৰ পৰিয়ালৰ লোকে উপযুক্ত প্ৰমাণ দি তেওঁক লৈ যাব পাৰিব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে।