NORTHEAST NOW (Assamese)
অসম

এইবাৰ দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব মিথুন চক্ৰৱৰ্তীক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 30, 2024 11:07 am

বলীউদৰ অন্যতম জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তীক দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সোমবাৰে এক এক্সহেণ্ডেলৰ বাৰ্তাত এই সন্মানৰ কথা ঘোষণা কৰে।

অহা ৮ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ভাৰতীয় চিনেমা জগতৰ সৰ্বোচ্চ সন্মানেৰে সন্মানিত কৰা হ’ব ৭৪ বছৰীয়া মিথুন চক্ৰৱৰ্তীক।

অশ্বিনী বৈষ্ণৱে এক্সত লিখিছে, ‘’চলচ্চিত্ৰ জগতত মিথুনদাৰ অবিস্মৰণীয় অভিনয় পৰৱৰ্তী প্ৰজন্মৰ বাবে এক বিশেষ প্ৰেৰণা। এইগৰাকী কিংবদন্তি অভিনেতা দাদাচাহেব ফাল্কে বঁটাৰ বাবে নিৰ্বাচিত কৰি নিৰ্বাচকসকলে গৌৰৱ অনুভৱ কৰিছে। ভাৰতীয় চিনেমাত অসাধাৰণ সাফল্যৰ বাবে তেওঁক এই বঁটাৰে সন্মানিত কৰা হৈছে।‘’

উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে মিথুন চক্ৰৱৰ্তীক পদ্মভূষণেৰে সন্মানিত কৰা হৈছিল। যাক লৈ ভাৰতীয় চলচ্চিত্ৰ জগতত যথেষ্ট চৰ্চা হৈছিল।

বিশিষ্ট পৰিচালক মৃণাল সেনৰ কেমেৰাৰ সন্মুখত অভিনয়েৰে চিনেমা জগতত ভৰি দিছিল মিথুন চক্ৰৱৰ্তীয়ে। ১৯৭৬ চনত ৰাষ্ট্ৰীয় বঁটা বিজয়ী চিনেমা ‘মৃগয়া’ৰ জৰিয়তে ছবিজগতত আত্মপ্ৰকাশ কৰিছিল মিথুনে।