NORTHEAST NOW (Assamese)
অৰুণাচল

জধে-মধে মেঠোন হত্যাক লৈ অৰুণাচলৰ আবুতানি সম্প্ৰদায়ৰ মাজত তীব্ৰ ক্ষোভ

Posted by: প্ৰফুল্ল কামান October 12, 2018 9:56 pm
Mithun-2

অসম-অৰুণাচল সীমান্তৰ আশে-পাশে অচিনাক্ত দুৰ্বৃত্তৰ দ্বাৰা মেঠোনৰ জধে-মধে হত্যা কৰাক লৈ স্থানীয় ৰাইজে গভীৰ ক্ষোভ ব্যক্ত কৰিছে।জানিব পৰা মতে অসম সীমান্তত বাস কৰা মেঠোনৰ পৱিত্ৰতা সম্পৰ্কে অজ্ঞাত এচাম দুষ্কৃতিকাৰীয়ে বিগত ৩ মাহত অতি কমেও ১০ টা মেঠোনন হত্যা কৰিছে।

অৰুণাচলৰ বালিচৰি গাঁৱৰ পৰা অহা মেঠোনন অসম সীমান্তৰ ধাননি পথাৰলৈ নামি আহে আৰু কোনো দুৰ্বৃত্তই মাংসৰ বাবে সিহঁতক হত্যা কৰিছে। ইয়াৰ ফলত অৰুণাচল আৰু অসমৰ সীমান্তৰ দুয়োফালে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

গালো-মিছিং সমন্বয় কমিটীৰ সভাপতি কেনিয়ম ডাবিৰ নেতৃত্বত নামনি ছিয়াং জিলাৰ জননেতাসকলে মিছিং ছাত্ৰ সন্থাৰ অসমৰ আন আন সম্প্ৰদায়ৰ নেতাসকলৰ সৈতে অৰুণাচলৰ বালিচৰি গাঁৱত এখন সভাত মিলিত হয় আৰু বিষয়টোৰ ওপৰত আলোচনা কৰে।

বিশেষ সূত্ৰৰ পম খেদি দুজন দুষ্কৃতিকাৰীক চিনাক্ত কৰা হৈছে আৰু দুয়োকে শাস্তি বিহা হৈছে।

সভাত মেঠোনৰ পৱিত্ৰতা সম্পৰ্কে এটা সজাগতামূলক অভিযান চলোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখ্য যে অকল সমূহীয়া উৎসৱতহে মেঠোন হত্যা কৰা হয়।

কেনিয়ম ডাবিয়ে কয়,   অৰুণাচলৰ আবুতানি লোকসকলৰ বাবে মেঠোন যে পৱিত্ৰ সম্পৰ্কে দুৰ্বৃত্তকেইজন অৱগত নহয়। মেঠোনৰ হত্যা পাহাৰীয়া ৰাজ্যখনৰ জনজাতীয় সম্প্ৰদায়ে কেতিয়াও মানি নলয়। কেবল বিশেষ কেতবোৰ সমূহীয়া উৎসৱত উপযুক্ত ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ মাজেৰেহে মেঠোনৰ হত্যা মানি লোৱা হয়।

ইতিমধ্যে অৰুণাচল চৰকাৰে মেঠোনক ৰাজ্যিক জন্তুৰ মৰ্যাদা প্ৰদান কৰিছে আৰু এই সুন্দৰ অৰ্ধ-ঘৰচীয়া গৰু পৰিয়ালৰ প্ৰাণীবিধ সংৰক্ষণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।