NORTHEAST NOW (Assamese)
অসম

বাতিল হোৱা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত অনুত্তীৰ্ণ ২৫ গৰাকী শিক্ষাৰ্থী,শুধৰণিৰ পিছত পালে ডিছষ্টিংছন, প্ৰথম বিভাগ, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 24, 2021 7:38 am
mi

ক’ৰ’নাতংকৰ বাবে দেশৰ প্ৰায় ভাগ ৰাজ্যতে বাতিল হৈছে মাধ্যমিক আৰু উট্চতৰ মাধ্যমিকৰ পৰীক্ষা।

অসমতো শেহতীয়া এই দুয়োটা পৰীক্ষাই বাতিল কৰা হৈছে। একেদৰে মিজোৰামতো বাতিল হৈছে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা।বাতিল হোৱা পৰীক্ষাত পৰীক্ষাৰ্থীসকলক ইণ্টাৰনেল এছেছমেণ্ট আৰু পূৰ্বৰ একাধিক পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিত ফলাফল প্ৰদানৰো দিহা কৰা হৈছে।

সেইমৰ্মে মিজোৰামৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ২৫ গৰাকীকৈ শিক্ষাৰ্থীক উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অনুত্তীৰ্ণ বুলি ঘোষণা কৰাৰ পিছতে ৰাজ্য খনত হৈচৈ লাগিল।

শিক্ষাৰ্থী কেইগৰাকীক কিহৰ ভিত্তিত পৰীক্ষাত অনুত্তীৰ্ণ কৰোৱা হ’ল তাকেলৈ ছাত্ৰ সংগঠন এনএছইউআই-এ প্ৰশ্ন উত্থাপন কৰাৰ পিছতে মিজোৰৰামৰ চৰকাৰে এই বিষয়ত এক তদন্তৰ নিৰ্দেশ দিয়ে।

ছাত্ৰ সংগঠনটোৱে অভিযোগ কৰা অনুসৰি কৰ্তচৃপক্ষৰ গাফিলতিৰ বাবেই এনেদৰে শিক্ষাৰ্থী কেইগৰাকীয়ে পৰীক্ষাত অনুত্তীৰ্ণ হৈছে।মিজোৰাম চৰকাৰৰ নিদেশৰ পিছতহে জোলোঙাৰ মেকুৰী ওলাল।

দৰাচলতে পৰীক্ষাত অনুত্তীৰ্ণ উক্ত শিক্ষাৰ্থীসকলৰ ইণ্টাৰনেল এছেছমেণ্টৰ ফলাফল আৰু পূৰ্বৰ পৰীক্ষাৰ ফলাফল সংশ্লিষ্ট বিদ্যালয়ে বোৰ্ডলৈ প্ৰেৰণেই কৰা নাছিল।

শিক্ষাৰ্থীসকলৰ এনে ফলাফল লাভ নকৰাৰ বাবেই বোৰ্ডে তেওঁলোকক পৰীক্ষাত ফেইল কৰোৱাবলৈ বাধ্য হয়।

এই ঘটনাৰ পিছতে শিক্ষাৰ্থী কেইজনৰ ইণ্টাৰনেল এছেছমেণ্টৰ ফলাফল আৰু পূৰ্বৰ পৰীক্ষাৰ ফলাফল পৰীক্ষা কৰাত ২ গৰাকীয়ে ডিছষ্টিংছন, ১০ গৰাকীয়ে প্ৰথম বিভাগ, আন ১০ গৰাকীয়ে দ্বিতীয় বিভাগ ,এগৰাকীয়ে তৃতীয় বিভাগ পোৱাৰ লগতে দুগৰাকী সঁচাকৈ উত্তীৰ্ণ হোৱাৰ যোগ্যতা নথকা বুলি প্ৰমাণ হয়।

মিজোৰামৰ চৰকাৰে শিক্ষাৰ্থীৰ নম্বৰ প্ৰেৰণ নকৰাৰ অভিযোগত মিজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ এল লাললিয়াপাক তেওঁৰ পদৰ পৰা অপসাৰিত কৰিছে।