NORTHEAST NOW (Assamese)
অসম

মিজোৰামত নতুন তিনি ক’ভিড আক্ৰান্ত, মুঠ ১৭লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 4, 2020 7:51 pm
Mizoram reports 3 more COVID19 positive cases, state count rises to 17

নতুন তিনিগৰাকী ক’ভিড-১৯ আক্ৰান্তৰ সৈতে মিজোৰামত মুঠ ৰোগীৰ সংখ্যা ১৭লৈ বৃদ্ধি পাইছে।

প্ৰথমগৰাকী ক’ভিড ৰোগী ইতিমধ্যে আৰোগ্য হোৱা ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছেগৈ ১৬গৰাকী।

আৰোগ্য হোৱা প্ৰথমগৰাকী ব্যক্তিক ইতিমধ্যে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

মিজোৰামৰ মুখ্য মন্ত্ৰী জ’ৰামথাংগাই টুইটাৰযোগে এই তথ্য সদৰী কৰি সকলোকে ৰাজ্যবাসীক একগোট হৈ থাকিবলৈ আহ্বান জনাইছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে বৃহস্পতিবাৰে সদৰী কৰা মতে, ভাৰতত ক’ভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা ২,১৬,৯১৯গৰাকীলৈ বৃদ্ধি পাইছে।

দিনটোত ৯,৩০৪গৰাকী ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হৈছে।

ভাৰতত বৰ্তমান ১,০৬,৭৩৭গৰাকী সক্ৰিয় ৰোগী থকাৰ বিপৰীতে ১,০৪,১০৭গৰাকী ব্যক্তি আৰোগ্য হৈছে।

দেশত এতিয়ালৈকে ৬,০৭৫গৰাকী ব্যক্তি ক’ভিড-১৯ত মৃত্যু হৈছে।