NORTHEAST NOW (Assamese)
অসম

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘নৰম স্থিতি’ক ভেঙুচালি কৰি কেন্দ্ৰলৈ মিজোৰাম চৰকাৰৰ ‘গৰম’ পত্ৰ, কি লিখিছে পত্ৰত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 28, 2021 3:59 pm
himm

অসম-মিজোৰাম সীমা বিবাদে নিতৌ নতুন ৰূপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

যিটো সময়ত সমস্যাটোকলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  ‘আমি কাকো আক্ৰমণ নকৰো, আমি লাগিলে মৰি শেষ হৈ যাম’ জাতীয় মন্তব্য কৰি ‘নৰম স্থিতি’ গ্ৰহণ কৰিছে সেই সময়তো পিছে অসমৰ বিৰুদ্ধে আক্ৰোশ পূৰণ কৰাৰ পৰা বিৰত হোৱা নাই মিজোৰামৰ চৰকাৰ।

আজি মিজোৰামৰ চৰকাৰে অসমে মিজোৰামৰ  বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কৰা বুলি অভিযোগ তুলি কেন্দ্ৰীয় গৃহ দপ্তৰলৈ পত্ৰ প্ৰেৰণ কৰিছে।

মিজোৰামৰ গৃহ সচিব লালবিয়াকচাংগিয়ে কেন্দ্ৰীয় গৃহ সচিবলৈ লিখা পত্ৰত এই বুলি উল্লেখ কৰিছে যে অসমে মিজোৰামলৈ যোৱা ৩০৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰখা বাবে মিজোৰামলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান বন্ধ হৈ পৰিছে।

অসম ২৬ জুলাইৰ পৰাই ৰাষ্ট্ৰীয় ঘাইপথটোকে ধৰি মিজোৰামলৈ যোৱা আন পথসমূহ অৱৰুদ্ধ কৰি ৰখা বুলি পত্ৰ খনত অভিযোগ কৰা হৈছে। পত্ৰ খনত লগতে এই বুলিও কোৱা হৈছে যে ইয়াৰ পূৰ্বেও অসমে মিজোৰামৰ বিৰুদ্ধে ১৭-১০-২০২০ ৰ পৰা ১১-১১-২০২০লৈ অৰ্থনৈতিক অৱৰোধ কৰিছিল।

[pdf-embedder url=”https://assam.nenow.in/wp-content/uploads/2021/07/letter-to-hs-mha-2.pdf” title=”letter to hs, mha (2)”]

ইয়াৰ ফলত ৰাজ্য খনে ভীষণ সমস্যাৰ সন্মুখীন হৈছিল। মিজোৰামৰ গৃহ সচিব গৰাকীয়ে কেন্দ্ৰীয় গৃহ সচিবলৈ লিখা পত্ৰত এই বুলি অভিযোগ কৰিছে যে মিজোৰামক ৰে’ল পথেৰে সংযোগ কৰা বৈৰাবী ৰে’ল ষ্টেচন সংযোগী ৰে’ল পথ ধ্বংস কৰি দিয়া হৈছে।

অসমৰ হাইলাকান্দি জিলাৰ মহম্মদপুৰ আৰু ৰামনাথপুৰ ৰে’ল ষ্টেছনৰ মাজৰ ৰে’লপথ ধ্বংস কৰাৰ বাবে এতিয়া মিজোৰামৰ বৈৰাবী ৰে’ল ষ্টেছনলৈ কোনো ৰে’ল যাব পৰা নাই বুলি পত্ৰ খনত কোৱা হৈছে।

পত্ৰ খনত এই বুলিও উল্লেখ কৰা হৈছে যে ৰে’ল আৰু ৰাষ্ট্ৰীয় ঘাইপথ যিহেতু কেন্দ্ৰৰ অধিনস্থ বিষয় সেয়ে এই বিষয়ত কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।