NORTHEAST NOW (Assamese)

বিধায়ক আনোৱাৰ হুছেইন লস্কৰ সংকটজনক অৱস্থাত জি এন আৰ চি হস্পিটেলৰ আই চি য়ুত

May 31, 2019 4:44 pm · কল্পজ্যোতি শইকীয়া
Updated: May 31, 2019 7:19 pm

হাইলাকান্দিৰ এ আই য়ু ডি এফৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰাত ততাতৈয়াকৈ দিচপুৰ ছুপাৰ মাৰ্কেটত থকা জি এন আৰ চিত ভৰ্তি কৰা হৈছে।

উচ্চ ৰক্তচাপ থকা বিধায়কজন যোৱা নিশাই বিধায়ক আৱাসতে মগজুৰ পক্ষাঘাতত (brain stroke) আক্ৰান্ত হৈ পৰিছিল, নৰ্থ ইষ্ট নাওক জনালে দলটোৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে।

আজি দুপৰীয়া এ আই য়ু ডি এফৰ মুৰব্বী, সাংসদ বদৰুদ্দিন আজমলে চিকিৎসালয়খনত উপস্থিত হৈ লস্কৰৰ স্বাস্থ্যৰ বুজ লয়।

সাধাৰণ সম্পাদক আমিনুল লস্কৰে লগতে জনায় যে ডাক্তৰে যদি পৰামৰ্শ দিয়ে তেন্তে কিছু সময়ৰ পাছতে বিধায়কগৰাকীৰ উন্নত চিকিৎসাৰ বাবে নতুন দিল্লীলৈ লৈ যোৱা হ’ব।

অৱশ্যে স্বাস্থ্যৰ কিছু উন্নতি হ’লেহে উন্নত চিকিৎসাৰ বাবে নিব পাৰিব বুলি চিকিৎসকে তেওঁলোকক জনাইছে।

“বিধায়কজনৰ অৱস্থা সুস্থিৰ নহয়, হুঁচ ঘূৰি অহা নাই”, বৰ্তমানো বিধায়কজন সংকটমুক্ত নহয় বুলি জানিবলৈ দি তেওঁ কয়।

Related News