NORTHEAST NOW (Assamese)
অসম

‘ভ্ৰাম্যমাণ পাকঘৰ’ৰ পাছত এইবাৰ বানাক্ৰান্ত ৰাইজৰ বাবে ‘ভ্ৰাম্যমাণ চিকিৎসা সেৱা’ বিধায়ক মৃণাল শইকীয়াৰ

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া July 22, 2019 7:37 am
FB_IMG_1563731766184

খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই বানপানীৰ সময়ত ঘৰে ঘৰে গৈ বানাক্ৰান্তলৈ ‘ভ্ৰাম্যমাণ পাকঘৰ’ৰ ব‍্যৱস্থা কৰি যথেষ্ট চৰ্চিত হৈছিল লগতে সকলোৰে সমাদৰ পাইছিল। বানাক্রান্ত ৰাইজৰ বাবে এইবাৰ তেওঁ ‘ভ্ৰাম্যমাণ পাকঘৰ’ সেৱা স্থগিত ৰাখি আৰম্ভ কৰিছে ‘ভ্ৰাম্যমাণ চিকিৎসা সেৱা’।

নিজৰ ফেচবুক পেজত তেওঁ এইদৰে জনাইছে যে, যিহেতু পানী কমাৰ লগে লগে শিবিৰৰ লোকসকল নিজ ঘৰলৈ যাত্ৰা কৰিছে, সেয়েহে ভ্ৰাম্যমান পাকঘৰ সেৱা সাময়িকভাৱে বাবে বন্ধ কৰা হৈছে।

তদুপৰি, তেওঁ বিজেপিৰ কাৰ্যকৰ্তা সকলক যিসকলে এসপ্তাহ ধৰি কঠোৰ পৰিশ্ৰমৰ মাজেৰে ভ্ৰাম্যমাণ পাকঘৰলৈ সহায় সহযোগ আগবঢ়াইছিল তেওঁ লোকলৈও আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে।

FB_IMG_1563731123202
ফটো : ফেচবুকৰ সৌজন্যত

আনহাতে, দেওবাৰে বানত ক্ষতিগ্ৰস্ত ৫০০ জন লোকক চিকিৎসা সেৱা আগবঢ়োৱাৰ কথাও তেওঁ জানিবলৈ দিয়ে।

তেওঁৰ এই  ‘ভ্ৰাম্যমাণ চিকিৎসা সেৱা’ অভিযানত সহযযোগ কৰাৰ বাবে ডা° কমলেশ্বৰ নেওগ, ডা° অনন্ত বৰুৱা, ডা° দীপক শইকীয়া, ডা° জেচমিন বেগম  বীণা দাস, ডিম্পল কৰ, অনিতা কেওট আৰু বিপুল নাথক ধন্যবাদ তথা কৃতজ্ঞতা জনায়।

ৰাজ্যখনৰ বানপীড়িত ৰাইজক বিভিন্নজনে বিভিন্ন ধৰণে সেৱা-সাহায্য আগবঢ়াই অহাৰ মাজতে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই এইদৰে ব্যতিক্ৰমী প্ৰচেষ্টাৰে আগবঢ়োৱা সেৱাই সকলোৰে প্ৰশংসা লাভ কৰিছে।