NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ ২২ লাখ নিবনুৱাৰ দুৰ্দশাক লৈ বিধানসভাত আলোচনা বিচাৰিলে বিধায়ক পদ্ম হাজৰিকাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 27, 2019 11:54 am
5087_b

ৰাজ্যখনত কৰ্ম সংস্থাপনৰ অভাৱত নিবনুৱা যুৱকসকল বহি:ৰাজ্যলৈ যোৱাৰ প্ৰৱণতা ৰোধ কৰাৰ স্বাৰ্থত বিধানসভাত নিবনুৱা যুৱক-যুৱতীসকলৰ কৰ্মসংস্থাপন সম্পৰ্কত এটা দিনৰ বিশেষ আলোচনাৰ প্ৰস্তাৱ শুকুৰবাৰে সদনত উত্থাপন কৰে বিজেপি দলৰ বিধায়ক পদ্ম হাজৰিকাই।

ৰাজ্যখনৰ ২২ লাখ নিবনুৱাৰ দুৰ্দশাৰ প্ৰসংগ উত্থাপন কৰি বিধায়ক হাজৰিকাই কয় যে এই নিবনুৱাসকলৰ মাজৰ বহুতেই বহি:ৰাজ্যলৈ কৰ্মসংস্থাপন বিচাৰি গৈ দুৰ্ভাগ্যজনকভাৱে অকাল মৃত্যুক সাৱটি ল’বলগীয়া হৈছে।

আনহাতে, একাংশই হতাশাত ভূগি উগ্ৰপন্থী গোটলৈ যোৱাৰ মন মেলিছে বুলি হাজৰিকাই উল্লেখ কৰে।

তেওঁ কয় যে চৰকাৰে ৰাস্তা-ঘাটকে ধৰি বিভিন্ন উন্নয়নমূলক কাম কৰিছে যদিও নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ বিষয়টো অবিহনে সেয়া অৰ্থহীন। বিধায়ক হাজৰিকাই বেংকসমূহে নিবনুৱাসকলক ঋণ বা সাহায্য প্ৰদানত সহযোগ নকৰাৰো অভিযোগ তোলে।

নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ লগতে চৰকাৰী আঁচনিসমূহৰ তদাৰকীৰ দায়িত্ব নিষ্ঠাৱান বিষয়াৰ হাতত অৰ্পণ কৰাৰ পৰামৰ্শ আগবঢ়োৱাৰ লগতে বিধায়ক হাজৰিকাই এই সন্দৰ্ভত জিলা ভিত্তিত সমন্বয়ৰক্ষী গোট গঠনৰ বাবে পৰামৰ্শ দিয়ে।