NORTHEAST NOW (Assamese)
Popular Stories

সুখবৰ : আজি ৯ দিনৰ পিছত ৰাজ্যত মুকলি হ’ল ইণ্টাৰনেট সেৱা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 20, 2019 9:24 am
275 more Chinese apps including PubG on India's radar

ৰাজ্য চৰকাৰে আইন-শৃংখলাৰ দোহাই দি যোৱা ৯ দিন ধৰি ম’বাইল ইণ্টাৰনেট সেৱা বন্ধ ৰখাৰ পিছত আজি ৯ বজাৰ পৰা ইণ্টাৰনেট সেৱা মুকলি হয়।

কালি অৰ্থাৎ বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিয়লি ৫ বজাৰ ভিতৰত ইণ্টাৰনেট সেৱা মুকলি কৰি দিবলৈ ৰাজ্যৰ মুখ্য সচিবক নিৰ্দেশ দিছিল।

ইয়াৰ পিছতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে গৃহ বিভাগৰ শীৰ্ষ বিষয়াসকলে ইণ্টাৰনেট সেৱা ৰাজ্যত মুকলি কৰিব পৰা যাব নে নাই সেইলৈ এখন বৈঠকত মিলিত হৈছিল। অৱশেষত আজি ইণ্টাৰনেট সেৱা মুকলি কৰি দিয়ে।

নাগৰিকত্ব (সংশোধন) আইনখনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদে তীব্ৰ ৰূপ লোৱাৰ পিছতে ১১ ডিচেম্বৰত চৰকাৰে ৰাজ্যখনৰ প্ৰায়বোৰ জিলাত ম’বাইল ইণ্টাৰনেট সেৱা বন্ধ কৰিছিল আৰু সেয়া অহা ১৮ ডিচেম্বৰলৈকে অব্যাহত থকাৰ কথা আছিল।

ছ’চিয়েল মিডিয়া যোগে প্ৰতিবাদকাৰীসকল অধিক সংঘবদ্ধ হোৱা আৰু হিংসা বিয়পাৰ শংকা কৰি চৰকাৰে ম’বাইল ইণ্টাৰনেট সেৱা বন্ধ কৰা বুলি জানিবলৈ দিছিল।