NORTHEAST NOW (Assamese)
অসম

অপসংস্কৃতি! স্বল্পবসনা যুৱতীৰ গীতৰ সাংস্কৃতিক সন্ধিয়া মুকলি কৰিলে বিধায়ক ভাস্কৰ শৰ্মাই

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ January 10, 2021 7:02 am
modern dance

সংস্কৃতিবান নগৰী মাৰ্ঘেৰিটাত সংস্কৃতিৰ নামত চলিছে অপসংস্কৃতি। এটা ছাত্ৰ সংগঠনে অনুষ্ঠিত কৰা আৰু সমষ্টিটোৰ বিধায়ক ভাস্কৰ শৰ্মাই উদ্বোধন কৰা এক সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত দেখিবলৈ পোৱা গ’ল স্বল্পবসনা যুৱতীৰ নৃত্য গীত ৷দেখিবলৈ পোৱা গ’ল সংগীতৰ নামত নগ্নতাৰ পয়োভৰ।

উল্লেখ্য যে, মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় খেলপথাৰত যোৱা ৬ আৰু ৭ জানুৱাৰীত সদৌ অসম গোৰ্খা  ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছিল মাৰ্ঘেৰিটা আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ তৃতীয় দ্বি-বাৰ্ষিক অধিবেশন আৰু গোৰ্খা জাতীয় সমাৰোহ।

জনগোষ্ঠীয় ছাত্ৰ সংগঠনটোৱে আয়োজন কৰা ৭ জানুৱাৰীৰ নিশা অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত দেখিবলৈ পোৱা গ’ল নেপালৰ পৰা আমদানিকৃত স্বল্পবসনা যুৱতীৰ গীতৰ অনুষ্ঠান৷

সংগীতৰ তালে তালে সুন্দৰী গায়িকাই প্ৰদৰ্শন কৰিলে শৰীৰৰ নগ্নতা। সম্প্ৰতি মাৰ্ঘেৰিটাবাসীৰ ম’বাইলে ম’বাইলে ভাইৰেল হৈছে এই দৃশ্য৷

মন কৰিবলগীয়া যে, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই উদ্বোধন কৰা এই সাংস্কৃতিক অনুষ্ঠানত নেপালৰ পৰা অহা শিল্পীয়ে প্ৰদৰ্শন কৰিছিল নগ্ন সংস্কৃতি। এই ঘটনাই এতিয়া সৃষ্টি কৰিছে বিতৰ্কৰ।

গোৰ্খা ছাত্ৰ সন্থাৰ একাংশ বিষয়ববীয়াৰ মাজতো দেখা দিছে অসন্তুষ্টিৰ৷ সংস্কৃতিৰ নামত প্ৰদৰ্শিত এনে অপসংস্কৃতিৰ দৃশ্যই এতিয়া নিৰাশ কৰিছে মাৰ্ঘেৰিটাবাসীক৷

বিধায়কৰ অপসংস্কৃতিৰ আমদানিত সংস্কৃতিবান মাৰ্ঘেৰিটাবাসী আজি শংকিত।বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহনীয়া সংস্কৃতিৰে সমৃদ্ধ মাৰ্ঘেৰিটাত এনে অপসংস্কৃতিৰ প্ৰদৰ্শনক একেমুখে সমালোচনা কৰিছে সচেতন মহলে৷

আনহাতে, উক্ত অনুষ্ঠানতে বিধায়ক ভাস্কৰ শৰ্মাই উগ্ৰ ভাষণ দিয়াৰো অভিযোগ উত্থাপন হৈছে।