মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল ৰাজধানী
নতুন দিল্লীৰ অতি নিৰাপত্তাবেষ্টিত ৭, লোককল্যাণ মাৰ্গৰ প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত এইবাৰ কেন্দ্ৰীয় মোদী চৰকাৰৰ দম্ভ, ফেচীবাদী চৰিত্ৰ আৰু স্বৈৰাচাৰী নীতিৰ এক ভয়ংকৰ আৰু কলংকিত অধ্যায় প্ৰত্যক্ষ কৰা গ’ল। দেশৰ লাখ লাখ ছাত্ৰ- ছাত্ৰীৰ প্ৰাপ্য ন্যায় আৰু শিক্ষা ব্যৱস্থাৰ অস্তিত্ব ৰক্ষাৰ দাবীত ৭, লোককল্যাণ মাৰ্গত ধৰ্ণাত বহা বিৰোধী দলপতি ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ৱাড্ৰা, মল্লিকাৰ্জুন খাৰ্গে আৰু অখিলেশ যাদৱৰ দৰে শীৰ্ষ নেতাসকলক দিল্লী আৰক্ষীয়ে অতি নিষ্ঠুৰভাৱে বলপূৰ্বক আটক কৰি বাছত তুলি লৈ যায়। বৰ্বৰতাৰ চৰম সীমা অতিক্ৰম কৰি দিল্লী আৰক্ষীয়ে ৰাহুল গান্ধীক ভৰিত ধৰি চোঁচৰাই নিয়ে। ‘নীট’কে ধৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ভয়ংকৰ কেলেংকাৰী আৰু শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক আন্দোলন চলোৱা নিৰপৰাধ শিক্ষাৰ্থীৰ ওপৰত আৰক্ষী তথা সন্দেহজনক সংগঠনৰ গুণ্ডাবাহিনীয়ে চলোৱা বৰ্বৰ লাঠিচালনাৰ বিৰুদ্ধে মাত মাতোঁতেই ফেচিষ্ট মোদী চৰকাৰে পুলিচীয় বলপ্ৰয়োগ কৰি নিজৰ চৰম কাপুৰুষালি আৰু একনায়কত্ববাদী মানসিকতাহে প্ৰকাশ কৰিলে। নক’লেও হ’ব যে নিজৰ ব্যৰ্থতা আৰু শিক্ষা ব্যৱস্থাৰ জহি-খহি পৰা অৱস্থা ঢাকিবলৈকে মোদী-শ্বাহৰ চৰকাৰে দমন নীতিৰ আশ্ৰয় লৈ বিৰোধীৰ কণ্ঠৰ লগতে দেশৰ যুৱপ্ৰজন্মৰ মাত স্তব্ধ কৰিবলৈ উঠি পৰি লাগিছে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী জীতেন্দ্ৰ সিঙে দুবাৰকৈ প্ৰতিবাদস্থলীত উপস্থিত হৈ আলোচনাৰ নাটক কৰিলে যদিও চৰকাৰে পাঁচদফীয়া মূল দাবী— যেনে শিক্ষা মন্ত্ৰীৰ পদত্যাগ, সংসদত গৃহ মন্ত্ৰীৰ বিবৃতি আৰু হিংসাত্মক ঘটনাৰ তদন্ত প্ৰদানৰ বিষয়সমূহ মানি নলৈ প্ৰতিবাদকাৰীক আঁতৰাবলৈহে হেঁচা দিলে।
ছাত্ৰ সমাজৰ ওপৰত কৰা এই বৰ্বৰতাৰ উত্তৰ বিচাৰি ৰাহুল গান্ধীয়ে মোদী-শ্বাহৰ চৰকাৰক পোনপটীয়া প্ৰত্যাহ্বান জনাই কয় যে চৰকাৰে কোনো দায়িত্ব ল’ব বিচৰা নাই আৰু সংসদতো আলোচনা কৰিবলৈ দিয়া নাই। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী উত্থাপন কৰে। ক্ৰমাৎ জহি-খহি পৰা শিক্ষা ব্যৱস্থা আৰু দেশৰ যুৱপ্ৰজন্মৰ অন্ধকাৰ ভৱিষ্যতৰ দিশটোৰ প্ৰতি চকু মুদি মোদী চৰকাৰে কেৱল নিজৰ ক্ষমতা আৰু গাদী সুৰক্ষিত কৰাতহে ব্যস্ত হৈ পৰিছে।
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰি সকীয়াই দিয়ে যে, ছাত্ৰ-ছাত্ৰীৰ ওপৰত আক্ৰমণ মানেই দেশৰ প্ৰতিটো পৰিয়ালৰ হৃদয়ে হৃদয়ে আক্ৰমণ কৰা। দেশৰ লাখে লাখে ছাত্ৰই যেতিয়া নিজৰ ভৱিষ্যতক লৈ ৰাজপথত হাহাকাৰ কৰিছে, তেতিয়া এই নিৰ্দয় চৰকাৰৰ মন্ত্ৰীসকল কেৱল নিজৰ ক্ষমতা আৰু গাদী ৰক্ষাত ব্যস্ত হৈ পৰিছে। নিজৰ চকীবোৰ সুৰক্ষিত কৰি ৰাখিবলৈ মোদী চৰকাৰে দেশৰ লাখ লাখ যুৱ-যুৱতীৰ ভৱিষ্যত অন্ধকাৰৰ ফালে ঠেলি দিছে। শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবীত সমগ্ৰ দেশে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো নিলৰ্জ্জ মোদী চৰকাৰে দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীক সুৰক্ষা দি আছে। বিৰোধী নেতাসকলক জোৰ-জবৰদস্তি আটক কৰি থানাত বন্দী কৰি ৰাখিলেও ছাত্ৰ-ছাত্ৰীৰ ন্যায়ৰ এই যুঁজখনক মোদী চৰকাৰে কোনো কাৰণতে দমন কৰিব নোৱাৰে। আনপিনে, এই সমগ্ৰ ব্যৰ্থতাৰ দায় স্বীকাৰ কৰাৰ পৰিৱৰ্তে কেন্দ্ৰীয় মন্ত্ৰীসকলে আলোচনাৰ নামত ওলোটাই ৰাহুল গান্ধীয়ে কথা সলনি কৰা বুলি ভিত্তিহীন অভিযোগ তুলি চৰকাৰৰ দায়িত্বজ্ঞানহীন মুখখন আকৌ এবাৰ পোহৰলৈ আহিছে। এই ঘটনাৰ পিছতে এতিয়া সমগ্ৰ দেশজুৰি মোদী চৰকাৰৰ এনে দমনমূলক, গণতন্ত্ৰবিৰোধী কাৰ্যৰ বিৰুদ্ধে উমি উমি জ্বলি থকা প্ৰতিবাদৰ জুই এক প্ৰচণ্ড দাবানললৈ ৰূপান্তৰিত হৈছে।