NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতীয় জীৱন বীমা নিগমৰ ধন দিয়া হৈছিল আদানীক- ৱাশ্বিংটন পোষ্টৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 25, 2025 5:26 pm

আন্তঃৰাষ্ট্ৰীয় সংবাদপত্ৰ ৱাশ্বিংটন পোষ্টৰ এক তদন্তত প্ৰকাশ পাইছে যে কেনেকৈ মোদী চৰকাৰে চৰকাৰী মালিকানাধীন ভাৰতীয় জীৱন বীমা নিগমৰ পৰা ধন লৈ গৌতম আদানীৰ ঋণগ্ৰস্ত গোটটোক উদ্ধাৰৰ বাবে ৩.৯ বিলিয়ন ডলাৰৰ পৰিকল্পনা মনে মনে দিছিল।

ৱাশ্বিংটন পোষ্টে লাভ কৰা আভ্যন্তৰীণ নথি-পত্ৰত প্ৰকাশ পাইছে যে ২০২৫ চনৰ মে মাহত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়, ইয়াৰ বিত্তীয় সেৱা বিভাগ (ডি এফ এছ), এল আই চি, আৰু নিটি আয়োগে এনে এক বিনিয়োগ কৌশলৰ ওপৰত সন্মতি প্ৰকাশ কৰিছিল যিয়ে আদানি গ্ৰুপৰ বণ্ড আৰু ইকুইটিত কোটি কোটি ডলাৰ বিনিয়োগ কৰিব। এই পৰিকল্পনাত আদানি বন্দৰৰ বাবে ৫৮৫ মিলিয়ন ডলাৰৰ বণ্ড জাৰি কৰাটো অন্তৰ্ভুক্ত কৰা হৈছিল, ইয়াত কেৱল এল আই চিৰ দ্বাৰা বিত্তীয় সাহায্য প্ৰদান কৰা হৈছিল।

প্ৰতিবেদনত কোৱা হৈছে যে, “এই পৰিকল্পনা সেই মাহতে সম্পূৰ্ণ হৈছিল যেতিয়া আদানীৰ বন্দৰ কোম্পানীয়ে পুৰণি ঋণ পৰিশোধ কৰিবলৈ প্ৰায় ৫৮৫ মিলিয়ন ডলাৰ (প্ৰায় ৪,৮৮০ কোটি টকা) মূল্যৰ বণ্ড জাৰি কৰিব লাগিছিল। ৩০ মেত আদানী গ্ৰুপে ঘোষণা কৰিছিল যে সমগ্ৰ বণ্ড ইছ্যুটো একক বিনিয়োগকাৰীয়ে (এল আই চি) ক্ৰয় কৰিছিল। সমালোচকসকলে এই চুক্তিক ৰাজহুৱা ধনৰ অপব্যৱহাৰ বুলি অভিহিত কৰে।

এই অফাৰৰ উল্লেখিত লক্ষ্যসমূহৰ ভিতৰত আছিল “আদানিৰ ওপৰত আস্থাৰ বাৰ্তা প্ৰেৰণ কৰা” আৰু অন্যান্য বিনিয়োগকাৰীক আকৰ্ষণ কৰা। কিন্তু যোৱা এটা বছৰত গোটটোৰ ঋণ ২০% বৃদ্ধি পাইছে আৰু ই আমেৰিকাত দুৰ্নীতি আৰু জালিয়াতিৰ অভিযোগৰ সন্মুখীন হৈছে।

আমেৰিকাৰ ন্যায় বিভাগ আৰু ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে আদানী আৰু তেওঁৰ সহযোগীসকলে কোটি কোটি টকাৰ উৎকোচ আৰু জালিয়াতিৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছে। এই অভিযোগসমূহৰ ভিতৰত আছে ভুৱা বক্তব্য দিয়া আৰু শক্তিৰ চুক্তি লাভৰ বাবে ২৫ কোটি ডলাৰ (প্ৰায় ২০০০ কোটি টকা) অবৈধ ধন পৰিশোধ কৰা।

ইপিনে আদানীয়ে কোনো ধৰণৰ ভুল কৰা নাই বুলি অস্বীকাৰ কৰি সকলো অভিযোগকে ভিত্তিহীন বুলি অভিহিত কৰিছে।

এই অক্টোবৰ মাহত আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে কয় যে ভাৰতীয় কৰ্তৃপক্ষই আদানী গ্ৰুপৰ বিষয়াসকলক চমন আৰু অভিযোগ জাৰি কৰিবলৈ কৰা অনুৰোধৰ ভিত্তিত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

প্ৰতিবেদনত এইটোও উল্লেখ কৰা হৈছে যে ২০২৩ চনত আমেৰিকাৰ শ্বৰ্ট চেলাৰ হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত আদানী গ্ৰুপক ষ্টক মেনিপুলেচন আৰু বিত্তীয় অনিয়মৰ অভিযোগ উত্থাপন কৰা হৈছে। ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বৰ্ডৰ তদন্তত চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত এই অভিযোগ দুটা খাৰিজ কৰা হৈছে।

ৱাশ্বিংটন পোষ্টৰ প্ৰতিবেদনত কোৱা হৈছে যে আদানীয়ে ঋণৰ বাবে যোগাযোগ কৰা কেইবাটাও ডাঙৰ আমেৰিকা আৰু ইউৰোপীয় বেংকে পৰিস্থিতিত সহায় কৰিবলৈ দ্বিধাবোধ কৰিছিল।

ইয়াৰ পিছতে ভাৰতীয় বিষয়াসকলে ৱাশ্বিংটন পোষ্টে লাভ কৰা ডি এফ এছৰ নথি-পত্ৰত আদানীক এজন “দূৰদৰ্শী উদ্যোগী বুলি অভিহিত কৰে। পোষ্টৰ সাংবাদিকসকলে কথা পতা বিশ্লেষকসকলে সকীয়াই দিছে যে লাখ লাখ ভাৰতীয়ৰ বীমা কৰা এল আই চিয়ে ইতিমধ্যে বিশ্বব্যাপী নিৰীক্ষণৰ অধীনত থকা ৰাজনৈতিকভাৱে সংযুক্ত ব্যক্তিগত গোটত যথেষ্ট বিনিয়োগ কৰি উচ্চ বিপদৰ সন্মুখীন হৈছে।

প্ৰতিবেদনত উদ্ধৃত কৰা স্বতন্ত্ৰ বিশ্লেষক হেমিন্দ্ৰ হাজাৰীয়ে কয় যে এল আই চিয়ে ব্যক্তিগত কৰ্পৰেট সত্তাত ইমান বৃহৎ ধন বিনিয়োগ কৰাটো “অস্বাভাৱিক যেন লাগে। তেওঁ লগতে কয়, “যদি এল আই চিৰ কিবা হয়… কেৱল চৰকাৰেহে বচাব পাৰে।”

আদানীৰ সৈতে মোদীৰ ঘনিষ্ঠ সম্পৰ্কক লৈ বিৰোধী নেতা আৰু নাগৰিক সমাজৰ সদস্যকে ধৰি বিভিন্ন পক্ষৰ পৰা অভিযোগ উত্থাপন হৈছে। আদানী গ্ৰুপে এনে অভিযোগক “ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে।