NORTHEAST NOW (Assamese)
অসম

ভূটানৰ পৰা বিদ্যুৎ আনি মোদী চৰকাৰে অন্য প্ৰদেশ পোহৰাব; অসমলৈ অন্ধকাৰ আনিব : অসম সংগ্ৰামী মঞ্চ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 23, 2019 10:24 pm
Modi_Bhutan Visit

মহানগৰীৰ ৰাজগড়স্থিত ৰাজ্যিক কাৰ্য্যালয়ত সংবাদমেল সম্বোধন কৰি অসম সংগ্ৰামী মঞ্চৰ সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱাই আজি কয় যে মোদীৰ প্ৰতিটো ভূটান ভ্ৰমণৰ সৈতে বৃহৎ নদী বান্ধ নিৰ্মাণৰ সম্পৰ্ক আছে।

মোদী চৰকাৰে চুবুৰীয়া দেশখনত বৃহত নদীবান্ধ নিৰ্মাণ কৰি অসমৰ ভৱিষ্যত অন্ধকাৰ কৰিব বিচাৰিছে।

“ভূটানৰ পৰা বিদ্যুৎ আনি মোদী চৰকাৰে অন্য প্ৰদেশ পোহৰ কৰি অসমলৈ অন্ধকাৰ আনিব বিচাৰিছে”, ভূটানৰ নিৰ্মীয়মাণ বান্ধে অসমৰ মানুহৰ বাবে বিপদ কঢ়িয়াই আনিব বুলি শংকা প্ৰকাশ কৰি বেজবৰুৱাই কয়।

বেজবৰুৱাই কয়, “কুৰিশ্বু নদীৰ ওপৰত নিৰ্মিত কুৰিশ্বু জলবিদ্যুৎ প্ৰকল্পই ২০০৪ চনত পানী এৰি দিয়াৰ ফলত সমগ্ৰ নামনি অসমত হোৱা ভয়াৱহ বানৰ কথা ৰাইজৰ নিশ্চয় মনত আছে।”

মাত্ৰ ৬০ মেগাৱাট উৎপাদন ক্ষমতাৰ কুৰিশ্বু বান্ধে এৰা পানীতে নামনি অসমৰ কেইবাখনো জিলা বুৰাই পেলোৱা কথাটো উনুকিয়াই দি বেজবৰুৱাই কয়, “তেনেক্ষেত্ৰত চলিত মাহতে মুকলি হোৱা ৭২০ মেগাৱাট উৎপাদন ক্ষমতাসম্পন্ন মধ্য ভূটানত অৱস্থিত মাংডিচু প্ৰকল্পই এৰি দিয়া পানীয়ে আহি থকা দিনসমূহত কি অৱস্থাৰ সৃষ্টি কৰিব সেয়া সহজেই অনুমেয়।”

ইয়াৰোপৰি, হিমালয়ৰ পাদদেশত অৱস্থিত ভূটান বা ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চল পৃথিৱীৰ আটাইতকৈ ভূমিকম্প প্ৰৱণ অঞ্চলবোৰৰ অন্তৰ্গত বুলি উল্লেখ কৰি বেজবৰুৱাই কয়, “এনে পৰিপ্ৰেক্ষিত ভূটানত নিৰ্মীয়মাণ এই জলবিদ্যুৎ প্ৰকল্পসমূহ ভূমিকম্পৰ সন্মুখীন হৈ ধ্বংস হ’লে নামনি অসমৰ বৰপেটা, বঙাইগাওঁ, নলবাৰী আদি অঞ্চলৰ জীৱন তথা সম্পত্তিৰ সুৰক্ষা একেবাৰে নাথাকিব।”

বেজবৰুৱাই তথ্য দি কয়, বৰ্তমান ভূটানত ভিন্ন স্তৰৰ ১৬টা নদীবান্ধৰ ভিতৰত ৬টা নদীবান্ধৰ কাম সম্পূৰ্ণ হ’ল আৰু বাকী সকলোৰে কাম চলি আছে।

ইয়াৰ প্ৰায়খিনি নদীবান্ধতে ভাৰত চৰকাৰৰ সম্পূৰ্ণ পৃষ্ঠপোষকতাত চলি আছে বুলি দাবী কৰে বেজবৰুৱাই।

তেওঁৰ মতে, ভূটানৰ সৈতে ২০০৯ চনত স্বাক্ষৰিত চুক্তি অনুসৰি ভূটানে ভাৰতৰ সহায় লৈ ২০২০ চনৰ ভিতৰত ১০ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব।

মোদীৰ ভূটান ভ্ৰমণৰ সৈতে নদীবান্ধ সম্পৰ্ক দেখুৱাই বেজবৰুৱাই কয়, “মোদীৰ ২০১৪ চনৰ প্ৰথম ভূটান ভ্ৰমণ কালত ৬০০ মেগাৱাট খলংচু জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল। ২০১৯-ৰ আগষ্ট মাহৰ মোদীৰ ভ্ৰমণকালত ৭২০ মেগাৱাট বিদ্যুৎ উৎপাদন ক্ষমতাসম্পন্ন মাংডিচু জলবিদ্যুৎ প্ৰকল্পৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।”