NORTHEAST NOW (Assamese)

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 14, 2025 8:23 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নুমলীগড় শোধনাগাৰত কাৰ্যসূচীলৈ আহি লটিঘটি বহুজনৰ। ঘণ্টা জুৰি পথত আবদ্ধ  হৈ থাকিবলগীয়া হ’ল সভালৈ লোকসকল। দেওবাৰে ইথানল প্ৰকল্প উদ্বোধনৰ বাবে নুমলীগড় শোধনাগাৰত উপস্থিত হোৱা শতাধিক বাছ-গাড়ী ঘণ্টাৰ পিছত ঘণ্টা ৰৈ থাকিল গোলাঘাট জিলাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত

এগৰাকী মহিলা দুখ প্ৰকাশ কৰি কয় যে, “মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো। পুৱাৰেৰে ঘৰৰ পৰা ওলাই আহিছিলো, এতিয়া ঘৰলৈ ঘূৰি যাব লাগিব।” আন এজনী মহিলাই অসন্তুষ্টি প্ৰকাশ কৰি কয়, “ভোক-লঘোনত ৰখি থাকিবলগীয়া হৈছে, প্ৰধানমন্ত্ৰীকো নেদেখিলো, বহুত দুখ লাগিছে।”

অৱশ্যে যানবাহন নিয়ন্ত্ৰণৰ অভাৱক লৈ সমালোচনা কৰিছে বাছ ড্ৰাইভাৰসকলে। এজন ড্ৰাইভাৰে কয়, “যানবাহন বেছিকৈ আহিল, কিন্তু নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী দেখা নাপালোঁ। গাড়ীসমূহ সঠিকভাৱে নিয়ন্ত্ৰণ হ’লে ইমান জাম নহ’লহেঁতেন।”

Related News