NORTHEAST NOW (Assamese)
Popular Stories

প্ৰধানমন্ত্ৰী মোদী আৰু মন্ত্ৰী পৰিষদৰ পদত্যাগ; ৮জুনত নৱনিৰ্বাচিত চৰকাৰৰ শপত গ্ৰহণৰ সম্ভাৱনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 5, 2024 3:38 pm

আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ পদত্যাগ গ্ৰহণ কৰে। নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ নকৰালৈকে মোদীক নিজৰ পদত অব্যাহত ৰাখিবলৈ অনুৰোধ কৰে মুৰ্মুৱে।এন ডি এয়ে চৰকাৰ গঠন কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পাছত তৃতীয় কাৰ্যকালৰ বাবে ক্ষমতা অক্ষুণ্ণ ৰখা মোদী হ’ব দ্বিতীয়জন প্ৰধানমন্ত্ৰী।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত লোকসভা নিৰ্বাচনৰ ফলাফলৰ বুজ লোৱাৰ লগতে পৰৱৰ্তী চৰকাৰ গঠনৰ সৈতে জড়িত বিষয়সমূহো আলোচনা কৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে।পুৱা ১১.৩০ বজাৰ পৰা প্ৰধানমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত বৈঠক আৰম্ভ হয়। এইখন আছিল মোদী কেবিনেট আৰু মন্ত্ৰী পৰিষদৰ অন্তিমখন বৈঠক।

ইফালে, বিয়লি ৪ বজাত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা থকা মিত্ৰজোঁটৰ বৈঠকৰ বাবে এন ডি এৰ জ্যেষ্ঠ নেতাসকলে দিল্লীত উপস্থিত হ’বলৈ আৰম্ভ কৰিছে। চৰকাৰ গঠনৰ সবিশেষ সন্দৰ্ভত এন ডি এৰ নেতাসকলে আলোচনা কৰাৰ সম্ভাৱনা আছে।এই বৈঠকত অংশগ্ৰহণ কৰিব জেডিইউৰ নেতা তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু তেলেগু দেশম পাৰ্টিৰ সভাপতি চন্দ্ৰবাবু নাইডুৱে।