NORTHEAST NOW (Assamese)

দেশবাসীক বাহুৱলী হোৱাৰ কিটিপ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে, কি সেই কিটিপ?

July 19, 2021 7:58 pm · এন ই নাও নিউজ

দেশবাসীক বাহুৱলী হোৱাৰ মন্ত্ৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। এই কিটিপ গ্ৰহণ কৰিলেই আপুনি হৈ পৰিব বাহুৱলী অৰ্থাৎ শক্তিশালী।কিন্তু কি সেই কিটিপ?

আপুনি কোভিড ভেকচিন গ্ৰহণ কৰা নাই নেকি? আপুনি কোভিড ভেকচিন ল’বলৈ শংকিত হৈছে নেকি?

যদি আপুনি কোভিড ভেকচিন গ্ৰহণ কৰা নাই তেনে অতি শীঘ্ৰেই গ্ৰহণ কৰক।

যদি আপুনি ভেকচিন ল’বলৈ শংকিত হৈছে, তেনে শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই।

কাৰণ আপুনি কোভিড ভেকচিন গ্ৰহণ কৰাৰ লগে লগেই হৈ উঠিব বাহুৱলী

অৰ্থাৎ বাহুত কোভিড ভেকচিন লওক আৰু লগে লগে বাহুৱলী হওক।

বাহুৱলী হ’লেহে আপুনি জয়ী হ’ব পাৰিব কোভিড যুদ্ধত! এই কথা আমি কোৱা নাই। এই কথা কৈছে

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সাংবাদিকৰ আগত এইদৰে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

ইতিমধ্যে ৪০ কোটি লোকে বাহুত কোভিড ভেকচিন লৈ বাহুৱলী হোৱা বুলি দাবী কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰী মোদীৰ মতে কৰোনাৰ প্ৰতিৰোধ কৰিবলৈ বাহুৱলী হোৱাৰ একমাত্ৰ উপায় হৈছে বাহুত ভেকচিন লোৱা।

কোভিড ভেকচিন গ্ৰহণ আৰু কৰোনা প্ৰটকল পালনত সহযোগ কৰিবলৈও দেশৰ জনতাক আহ্বান জনায় প্ৰধানমন্ত্ৰী মোদীয়ে।

Related News