NORTHEAST NOW (Assamese)
দেশ

দেশৰ যুৱক-যুৱতীসকলৰ কৰ্মসংস্থাপনৰ বাবে মোদীৰ অৱসৰ অতি প্ৰয়োজনীয় – ৰাহুল গান্ধী

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী May 21, 2024 2:46 pm

দেশৰ নিবনুৱা সমস্যাক লৈ পুনৰবাৰ পোনপটীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

নিজৰ এক্স হেণ্ডেলত লিখা এটা বাৰ্তাত ৰাহুল গান্ধীয়ে কয় যে দেশৰ যুৱক-যুৱতীসকলৰ কৰ্ম সংস্থাপনৰ বাবে নৰেন্দ্ৰ মোদীৰ অৱসৰ অতি গুৰুত্বপূৰ্ণ।

উল্লেখ্য বিশ্ব বেংকৰ তথ্য অনুসৰি ভাৰতত নিবনুৱাৰ হাৰ ২৩.২২ শতাংশ। যিটো পাকিস্তান আৰু বাংলাদেশতকৈও বহু বেছি।

বিগত কিছুদিন ধৰি কংগ্ৰেছ নেতাগৰাকীয়ে দেশৰ নিবনুৱা সমস্যাৰ কথা উত্থাপন কৰি আহিছে। দেশত বৃদ্ধি পোৱা নিবনুৱা সমস্যাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু নৰেন্দ্ৰ মোদীৰ নীতিক দোষাৰোপ কৰিছে ৰাহুলে। তেওঁৰ মতে, অৰ্থনীতিৰ ক্ষেত্ৰত মোদীজীৰ নিম্নমানৰ নীতিৰ বাবেই দেশত নিবনুৱা সমস্যা বাঢ়িছে।

ভাৰতৰ নিবনুৱাৰ হাৰ পাকিস্তানৰ তুলনাত দুগুণ। ভাৰতত নিবনুৱাৰ হাৰ ২৩ শতাংশ, পাকিস্তানত নিবনুৱাৰ হাৰ ১২ শতাংশ। লগতে তেওঁ কয় যে আমাৰ দেশত নিবনুৱাৰ হাৰ ভূটান আৰু বাংলাদেশতকৈ বেছি।

অলপতে বিহাৰত এখন ৰাজহুৱা সভাত ভাষণ দি ৰাহুল গান্ধীয়ে কয় যে যদি বিৰোধী ঐক্য ইণ্ডিয়া ক্ষমতালৈ আহে তেন্তে প্ৰথমে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰা হ’ব।