NORTHEAST NOW (Assamese)
অসম

উদীয়মান বেগী বলাৰ মহম্মদ চিৰাজৰ পিতৃৰ বিয়োগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 21, 2020 7:30 am

ভাৰতীয় ক্ৰিকেট দলৰ উদীয়মান বেগী বলাৰ মহম্মদ চিৰাজৰ পিতৃ মহম্মদ ঘাউচৰ আজি পৰলোকপ্ৰাপ্তি ঘটে।

হাওফাওৰ ৰোগত আক্ৰান্ত হৈ থকা মহম্মদ ঘাউচৰ মৃত্যুৰ সময়ত বয়স আছিল ৫৩ বছৰ।

আজি হায়দৰাবাদৰ এখন চিকিৎসালয়ত চিৰাজৰ পিতৃৰ বিয়োগ ঘটে।

বৰ্তমান অষ্ট্ৰেলিয়া ভ্ৰমণত ব্যস্ত থকা মহম্মদ চিৰাজে অনুশীলনৰ পৰা উভতি অহাৰ পাছতে পিতৃৰ বিয়োগৰ খবৰ লাভ কৰে।

কোভিড মহামাৰীৰ বাবে চলি থকা কোৱাৰেণ্টাইনৰ নিয়মৰ বাবে মহম্মদ চিৰাজে পিতৃৰ অন্তিম যাত্ৰাত অংশলোৱাৰ বাবে ভাৰতলৈ আহিব নোৱাৰিব।

মহম্মদ চিৰাজে চলিত আই পি এলত দাঙি ধৰা উল্লেখনীয় প্ৰদৰ্শনৰ বাবে অষ্ট্ৰলিয়াগামী ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

য়ু এ ইত আই পি এল চলি থকাৰ সময়তো ২৬ বছৰীয়া বেগী বলাৰ গৰাকীৰ পিতৃ অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছিল।

এটা সাক্ষাৎকাৰত মহম্মদ চিৰাজে তেওঁৰ পিতৃয়ে অটো চলাই তেওঁক ক্ৰিকেট খেলৰ বাবে প্ৰয়োজনীয় সকলো সহায় কৰিছিল বুলি উল্লেখ কৰিছিল।

পিতৃ-মাতৃক বৰ্তমান সময়ত কিছু পৰিমাণে সুখ দিবলৈ সক্ষম হোৱা বাবে চিৰাজে সাক্ষাৎকাৰটোত সন্তুষ্টিও প্ৰকাশ কৰিছিল।