NORTHEAST NOW (Assamese)
দেশ

ইমাম সংগঠনৰ সৈতে বৈঠক মোহন ভাগৱতৰ! ৰাজনৈতিক মহলত নতুন জল্পনা-কল্পনা

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী July 26, 2025 6:30 am

বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে মুছলমান সম্প্ৰদায়ৰ শীৰ্ষ ধৰ্মীয় নেতৃত্বৰ সৈতে সাক্ষাৎ কৰে। জানিব পৰা মতে, এই বৈঠকৰ উদ্দেশ্য হৈছে শেহতীয়াকৈ হিন্দু-মুছলমানৰ মাজত উদ্ভৱ হোৱা কেইবাটাও ‘ভ্ৰান্ত ধাৰণা’ দূৰ কৰা। দুয়োটা ধৰ্মৰ নেতাই দাবী কৰে যে পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমস্যাটো সমাধান কৰিব পৰা যায়।

বৃহস্পতিবাৰে দিল্লীৰ হাৰিয়ানা ভৱনত প্ৰায় সাড়ে তিনি ঘণ্টা ধৰি এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত দুয়োপক্ষই হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ মাজত নিয়মীয়া আলোচনা আৰম্ভ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত একমত প্ৰকাশ কৰে।

এই বৈঠকৰ আয়োজন কৰে দেশৰ সৰ্ববৃহৎ ইমাম সংগঠন অল ইণ্ডিয়া ইমাম অৰ্গেনাইজেচন (AIIIO)ৰ। ইয়াৰ নেতৃত্বত আছে মৌলানা উমৰ আহমেদ ইলিয়াছি। তেওঁ কয়, “আলোচনা জাতীয় বিষয়, পাৰস্পৰিক বিশ্বাস আৰু ঐক্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। আলোচনাৰ দ্বাৰা ভুল বুজাবুজি দূৰ কৰা, ঘৃণাৰ অন্ত পেলোৱা আৰু পাৰস্পৰিক সন্মান আৰু সহযোগিতাৰ সম্পৰ্ক গঢ়ি তোলাৰ একমাত্ৰ উপায়।”

সভাত প্ৰায় ৬০ গৰাকী বিশিষ্ট মুছলমান ধৰ্মগুৰু, মুফতী, দেশৰ বিভিন্ন মাদ্ৰাছাৰ মুৰব্বী উপস্থিত থাকে। সভাত উপস্থিত থাকে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত। তেওঁৰ লগত আৰ এছ এছৰ জ্যেষ্ঠ নেতা ড° কৃষ্ণ গোপাল, ইন্দ্ৰেশ কুমাৰ আদিয়ো উপস্থিত থাকে।

বৈঠকৰ অন্তত আৰ এছ এছৰ ৰাষ্ট্ৰীয় প্ৰচাৰ আৰু সংবাদ মাধ্যম বিভাগৰ মুৰব্বী সুনীল আম্বেকাৰে কয়, “আমি সকলোৰে সৈতে দেশক আগুৱাই নিব বিচাৰো। আলোচনা অতি ইতিবাচক আছিল।”

সভাত মূলতঃ মন্দিৰ-মছজিদৰ মাজত বুজাবুজি আৰু সন্মান বৃদ্ধিৰ পদক্ষেপ, ইমাম আৰু উপাসকসকলৰ মাজত সাংস্কৃতিক আদান-প্ৰদান আৰু আলোচনা, মাদ্ৰাছা আৰু গুৰুকুলৰ মাজত শৈক্ষিক আৰু সামাজিক সম্পৰ্ক গঢ়ি তোলা, ধৰ্মীয় বক্তৃতা আৰু ধৰ্মধ্বনিত শান্তি আৰু ঐক্যৰ বাৰ্তা প্ৰচাৰৰ আহ্বান, ঘৃণা আৰু বিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধে যৌথ স্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

ইলিয়াছিয়ে কয়, “আমি বিশ্বাস কৰোঁ যে যদি ভাৰতীয় সমাজত ভাতৃত্ববোধ প্ৰতিষ্ঠা হ’ব লাগে, তেন্তে ইয়াৰ পথ মন্দিৰ আৰু মছজিদৰ পৰা আৰম্ভ হয়। তাত যদি শান্তিৰ বাৰ্তা প্ৰচাৰ কৰা হয়, তেন্তে মানুহৰ মনৰ পৰিৱৰ্তন হ’ব। মানুহে ধৰ্মীয় অনুষ্ঠানৰ কথা আৰু নিৰ্দেশনাক গুৰুত্ব দিয়ে।সেয়েহে ইমামসকলে সমন্বয়ৰ বাৰ্তা দিব, আৰু ছাত্ৰ-ছাত্ৰীসকলক মাদ্ৰাছাৰ পাঠ্যক্ৰমত ভাতৃত্ববোধৰ শিক্ষা দিয়া হ’ব।”

এই সভাখন সমাজৰ বিভিন্ন শ্ৰেণীয়ে ইতিবাচকভাৱে গ্ৰহণ কৰিছে। ৰাজনৈতিক আৰু বৌদ্ধিক মহলে বিশ্বাস কৰে যে ই ভাৰতৰ বহুত্ববাদী সংস্কৃতিক আৰু অধিক শক্তিশালী কৰিব পাৰে।