NORTHEAST NOW (Assamese)
অসম

ডাইবেটিছৰ মহৌষধ ভাতকেৰেলা; আৰু কি কি ৰোগ নিৰাময়ত সহায় কৰে এইবিধ পাচলিয়ে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 6, 2019 10:30 am
Momordica cochinchinensis

ভাতকেৰেলাৰ সৈতে আমি সকলোৱে পৰিচিত। সমগ্ৰ শৰীৰত ক্ষুদ্ৰ ক্ষুদ্ৰ কাইট সদৃশ গঠন থকা প্ৰায় গোলাকাৰ আকৃতিৰ এই পাচলি বিধ বহুতৰ বাবে প্ৰিয় ব্যঞ্জণ।

ভাতকেৰেলাৰ বিভিন্ন গুণৰ বাবে ই মানুহৰ মাজত অতি জনপ্ৰিয় আৰু স্বাস্থ্যৰ হিচাপে পৰিচয় লাভ কৰিছে।

ভাতকেৰেলাৰ কেইটামান উল্লেখযোগ্য গুণ হ’ল-

ওজন হ্ৰাস কৰাত সহায় কৰে

১০০ গ্ৰাম ভাতকেৰেলাত মাত্ৰ ১৭ গ্ৰাম কেলৰি থাকে যাৰ বাবে শৰীৰৰ ওজন হ্ৰাস কৰিব বিচাৰিলে খাদ্য হিচাপে ভাতকেৰেলা গ্ৰহণ কৰিব পৰা যায়।

চৰ্দি নিৰাময়

ঋতু পৰিবৰ্তনৰ সৈতে হোৱা চৰ্দি আৰু পানীলগা জ্বৰ ৰোধ কৰাতো ভাতকেৰেলাই সহায় কৰে। পানীলগা জ্বৰ হৈ ভোক নোহোৱা হ’লে ভাতকেৰেলা ভাতত দি তেল আৰু নিমখেৰে পিটিকি খালে শৰীৰলৈ শক্তি আহে।

ডাইবেটিছ নিয়ন্ত্ৰণ

ডাইবেটিছ বৰ্তমান সময়ত বেছি সংখ্যক মানুহৰ বাবে এক অন্যতম ৰোগ। বৰ্তমান সময়ত অধইক সংখ্যক লোকে কম বেছি পৰিমাণে ডাইবেটিছ ৰোগত আক্ৰান্ত হোৱো দেখা যায়।

আলু আদিৰ দৰে পাচলিত থকা অত্যাধিক পৰিমাণৰ কাৰ্বহাইড্ৰেটে ৰোগীৰ তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি কৰে। যাৰ বাবে ভাতকেৰেলা ডাইবেটিছ ৰোগীসকলৰ বাবে এক উৎকৃষ্ট পাচলি হিচাপে বিবেচিত হৈছে।

ভাতকেৰেলা কম কেলৰি আৰু বেছি ফাইবাৰ যুক্ত এবিধ খাদ্য যিয়ে ইনুছুলিন নিঃসৰণত সহায় কৰে আৰু কিছুপৰিমাণে ডাইবেটিছ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।