NORTHEAST NOW (Assamese)
Popular Stories

উজনিত সক্ৰিয় আলফা : পত্ৰযোগে চাহ বাগিছাৰ পৰা দাবী ৭২ লাখ টকা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 10, 2023 9:37 pm

উজনিত পুনৰ সক্ৰিয় হৈ উঠিছে আলফা(স্বাঃ)। উজনিত নিজৰ কাৰ্য-কলাপ চলাই আছে আলফা স্বাধীনে।

পোহৰলৈ অহা তথ্য মতে সোণাৰিত টিমন চাহ বাগিছাৰ পৰা ৭২ লাখ টকা দাবী কৰিছে নিষিদ্ধ সংগঠনটোৱে।

নয়ন অসমৰ স্বাক্ষৰ থকা এখন পত্ৰৰ মাধ্যমেৰে এই বিশাল পৰিমাণৰ ধন দাবী কৰা হৈছে বুলি জানিবলৈ পৰা গৈছে।

এই পত্ৰ লাভ কৰাৰ পিছতে টিমন চাহ বাগিচাৰ পৰিচালক মনোজ গগৈয়ে চাহ বাগিচাৰ পৰা পলায়ন কৰিছে।

এই ঘটনাৰ সৈতে জড়িত কোনো লোকক এতিয়ালৈকে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই আৰু বিষয়টোৰ সন্দৰ্ভত তদন্ত অব্যাহত আছে।

উল্লেখ্য যে, যোৱা বছৰৰ নৱেম্বৰ মাহত চৰাইদেউ জিলাৰ পৰা টিংমন কন্যাক নামৰ এজন যুৱকে নিজকে আলফা(স্বাঃ)ৰ কেডাৰ বুলি পৰিচয় দি ধন আদায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল। কন্যাক আছিল নাগালেণ্ডৰ মন জিলাৰ বাসিন্দা।

আলফাৰ নামত সোণাৰিৰ নামতোলা অঞ্চলত বহু ব্যৱসায়ীৰ পৰা ধন দাবী কৰিছিল যুৱকজনে।