NORTHEAST NOW (Assamese)
Popular Stories

ৰিংকুৰ ফিটনেছৰ আঁৰত বান্দৰৰ কামোৰ! এয়া কি ক’লে শুভমন গিলে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 10, 2023 4:54 pm
India vs South Africa Rinku Singh

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ শেহতীয়া দুটা ছিজনত কৰা অনবদ্য প্ৰদৰ্শনৰ পিছতে শেহতীয়াকৈ ভাৰতীয় দলৰ হৈ অভিষেক ঘটিল ৰিংকু সিঙৰ। বেওঁহতীয়া বেটাৰগৰাকীয়ে অভিষেকৰ পিছতে ফিনিচাৰ হিচাপে অনন্য ভূমিকা পালন কৰিছে।

অৱশ্যে কেৱল বেটিঙতে নহয়, ফিল্ডিঙৰ সময়তো ৰিংকু সিঙে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে, উমান দিয়ে সঠিক ফিটনেছৰ। ইতিমধ্যে জাতীয় দলৰ হৈ উঠা ৰিংকুৱে আজিৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া টি-২০ শৃংখলাত সুযোগ লভাৰ পূৰ্ণ সম্ভাৱনা আছে।

আজি প্ৰথমখন টি-২০ মেচৰ বাবে অনুশীলন চলাই থকাৰ সময়ত এক সাক্ষাৎকাৰ দিছিল ৰিংকুৱে। নিজৰ কেৰিয়াৰৰ লগতে ৰিংকুৱে সাক্ষাৎকাৰটোত ফিটনেছৰ বাবে তেওঁ লোৱা যত্নৰ বিষয়েও উল্লেখ কৰে।

খেলপথাৰত ৰাণিং বিটুইন দ্য উইকেটেই হওক বা ফিল্ডিঙতেই হওক, দেখা যায় ৰিংকুৰ দুভৰিৰ তীব্ৰ গতি। ৰিংকুৱে নিজৰ গতিৰ বিষয়েও সাক্ষাৎকাৰটোত উল্লেখ কৰে। তেনে সময়তে ৰিংকুৰ কাষত উপস্থিত হয় শুভমন গিলে।

ৰিংকুৰ কাষলৈ আহি সাক্ষাৎকাৰটোৰ মাজতে শুভমনে কৰে মন্তব্য। গিলৰ ভাষ্য, ৰিংকুক বান্দৰে কামোৰাৰ বাবেই ৰিংকুৱে তীব্ৰ গতিত দৌৰিব পাৰে। দৰাচলতে এয়া আছিল গিলৰ এক ৰসাল মন্তব্য। এই মন্তব্যৰ পিছতে দুয়ো হাঁহি উঠে।

 

 

View this post on Instagram

 

A post shared by Team India (@indiancricketteam)

অৱশ্যে ৰিংকুক বান্দৰে কামুৰাটোও সঁচা। ৰিংকুৱে নিজেই দেখুওৱাই দিয়ে বান্দৰে কামোৰা স্থান। বাওঁহাতৰ সেই নিৰ্দিষ্ট স্থানটি কেমেৰাৰ আগত দেখুওৱাই দিয়ে ৰিংকুৱে। অৱশ্যে বান্দৰে কামোৰাৰ বাবে দৌৰিব পাৰে কথাটি আছিল হাস্যৰসাত্মক কথাহে।

ৰিংকুৱে সাক্ষাৎকাৰটোত দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে তেওঁক দিয়া পৰামৰ্শৰ কথাও উল্লেখ কৰে। ৰিংকুৱে সাধাৰণতে ৫ বা ৬ নং স্থানত ক্ৰীজলৈ আহে আৰু সেই বেটিংক্ৰমত ৰিংকুক স্বভাৱসিদ্ধ স্বাভাৱিক খেল খেলিবলৈ দ্ৰাবিড়ে পৰামৰ্শ দিয়া বুলি উল্লেখ কৰে ৰিংকুৱে।