NORTHEAST NOW (Assamese)
Popular Stories

ৰাজ্যত পুনৰ ৮৩ গৰাকী কোভিড১৯ আক্ৰান্ত ব্যক্তিক চিনাক্ত : আক্ৰান্তৰ সংখ্যা ২৭৭৬ লৈ বৃদ্ধি

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা June 8, 2020 6:38 pm
EZ_Xd9oU4AEeQmb

ৰাজ্যত বৃদ্ধি ক’ৰ’না আক্ৰান্তৰ সংখ্যা৷ এই মুহূৰ্তত ৰাজ্যত ৮৩ জন লোক ক’ৰ’নাত আক্ৰান্ত হৈছে ৷

ইপিনে সমগ্ৰ ৰাজ্যত এতিযালৈ মুঠ ক’ৰ’না আক্ৰান্ত হৈছে ২৭৭৬ জন ব্যক্তি ৷

নগাঁও জিলাত ৩০ জন , কামৰূপ গ্ৰাম্য জিলাত ১০ জন , দৰং জিলাত ১০ জন , লক্ষীমপুৰ জিলাত ৬ জন, কাছাৰ জিলাত ৭ জন, বিশ্বনাথ জিলাত ২ জন, কামৰূপ মহানগৰ জিলাত ১ জন আৰু ধেমাজি জিলাত ১ জন আক্ৰান্ত হৈছে৷

আনহাতে কামৰূপ গ্ৰাম্য বা মহানগৰ জিলা বুলি উল্লেখ নকৰাকৈ কামৰূপ জিলাত ১৬ জন আক্ৰান্ত হোৱা বুলি টুইটাৰ যোগে জানিব দিয়ে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

বৰ্তমানলৈকে ৰাজ্যত ক’ৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে ৬৬৫ জনে৷

আনহাতে চিকিৎসাধীন হৈ আছে ২১০৪ জন আক্ৰান্ত৷

ৰাজ্যত যদিও ৫ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে কিন্তু এই পৰ্যন্ত ৪ জনৰ মৃত্যু হোৱা বুলি মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰিছে ৷