NORTHEAST NOW (Assamese)
Popular Stories

চীনৰ প্ৰতি মোৰ খং বাঢ়ি গৈ আছে : আক্ৰমণাত্মক ৰূপত ড’নাল্ড ট্ৰাম্প

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 1, 2020 11:20 am
Donald Trump

ক’ৰ’না ভাইৰাছৰ সংহাৰ স্তব্ধ হোৱাৰ বিপৰীতে দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰা কাৰণে চীনৰ প্ৰতি থকা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ক্ষোভ আগতকৈ দুগুণে বৃদ্ধি পাছে।

আমেৰিকাৰ স্বাস্থ্যখণ্ডত নিয়োজিত বিষয়াসকলে ক’ৰ’নাৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ দৰে স্থিতি আহি পৰা বুলি সাৱধানবাণী জাৰি কৰিছে।

এই সাৱধানবাণীৰ পিছতে ট্ৰাম্পে মঙলবাৰে এটা টুইটত কয় যে মই দেখাৰ দৰে সমগ্ৰ বিশ্বতে মহামাৰীয়ে ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে, য’ত আমেৰিকাত হোৱা ক্ষতিও অন্তৰ্ভুক্ত হৈ আছে, সেয়ে মোৰ চীনৰ প্ৰতি খং আৰু বৃদ্ধি পাইছে।

ক’ৰ’নাই বিশ্বত সংহাৰী ৰূপ ধাৰণ কৰা বাবে ট্ৰাম্পে আৰম্ভণিৰে পৰা বেইজিঙক দোষাৰোপ কৰি আহিছে। দুয়োখন দেশৰ মাজত চলি থকা বাণিজ্যিক যুঁজৰ মাজতে ক’ৰ’না ভাইৰাছে দুয়োখন দেশৰ সম্পৰ্ক আৰু অধিক অৱনতি ঘটালে।

ক’ৰ’নাৰ বাবে ভয়ানক ভৱিষ্যতৰ দিশে আগবাঢ়িছে আমেৰিকা। মঙলবাৰে সংক্ৰামক ৰোগৰ বিশেষজ্ঞ ডাঃ এন্থনি ফাউছিয়ে ভয়াবহতাৰ কথা উল্লেখ কৰি এয়া নিয়ন্ত্ৰণৰ বাহিৰত যোৱা বুলি মন্তব্য কৰিছে।

ফাউছিয়ে লগতে কয় যে যদি প্ৰশাসন আৰু জনতাই মহামাৰী ৰোগবিধক নিয়ন্ত্ৰণ কৰিবলৈ জৰুৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ সফল নহয় তেন্তে আমেৰিকাত প্ৰতিদিনে ১ লাখকৈ লোক ক’ৰ’নাত আক্ৰান্ত হ’ব।

ইফালে মহামাৰী ক’ৰ’নাক লৈ ট্ৰাম্প প্ৰশাসনে ৰাজনীতি কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে চীনে। ৰাজনৈতিক লাভালাভৰ বাবেই আমেৰিকাই চীনক দোষাৰোপ কৰি আছে বুলিও মন্তব্য কৰে।

উল্লেখ্য যে, ক’ৰ’না ভাইৰাছ চীনৰ য়ুহান নগৰৰ পৰা বিশ্বৰ আন প্ৰান্তলৈ সম্প্ৰসাৰণ হোৱা বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে চীনক দায়ী সজোৱাৰ লগতে সকলো ধৰণৰ সম্পৰ্ক শেষ কৰাৰো ধমকি প্ৰদান কৰি আহিছে।