NORTHEAST NOW (Assamese)
অসম

পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ গুণ্ডাৰ হাতত ১৩০ গৰাকীতকৈয়ো অধিক বিজেপি কৰ্মীৰ মৃত্যু হৈছে : অমিত শ্বাহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 11, 2021 5:27 pm
We will provide Hindi training classes for people of NE, Says Amit Shah

‘‘পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ গুণ্ডাৰ হাতত ১৩০ গৰাকীতকৈয়ো অধিক বিজেপি কৰ্মী নিহত হৈছে আৰু এতিয়ালৈ কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই,’’ পশ্চিমবংগত এখন নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে এইদৰে কয়।

আনহাতে, এবাৰ বিজেপি চৰকাৰ ক্ষমতালৈ আহিলে এজন এজন হত্যাকাৰীক চিনাক্ত কৰি কাৰাগাৰলৈ পঠোৱাৰ দিহা কৰোৱা হ’ব বুলিও সভাত শ্বাহে উল্লেখ কৰে।

ইপিনে, আগন্তুক পাঁচ বছৰৰ ভিতৰত বিজেপিয়ে পশ্চিমবংগক অনুপ্ৰৱেশকাৰী মুক্ত কৰিব বুলিও অমিত শ্বাহে লগতে কয়।

মমতা বেনাৰ্জীৰ কাৰ্য্যকালত পশ্চিমবংগত ব্যাপক হিংসাৰ সৃষ্টি হৈছে বুলি সভাত অমিত শ্বাহে মন্তব্য প্ৰদান কৰি নিৰ্বাচনৰ শেষত মমতা বেনাৰ্জীয়ো জয় শ্ৰী ৰাম বুলি কবলৈ বাধ্য হ’ব বুলি কয়।

উল্লেখযোগ্য যে, পশ্চিমবংগ নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি আৰু তৃণমূল কংগ্ৰেছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে।

নিৰ্বাচনৰ পূৰ্বে বহুকেইগৰাকী তৃণমূল কংগ্ৰেছৰ নেতাই বিজেপিত যোগদান কৰিছে।