NORTHEAST NOW (Assamese)

যোৱা ৩ দিনত ১৪ লাখতকৈ অধিক প্ৰব্ৰজিত শ্ৰমিক নিজ ঠাইলৈ উভতি গৈছে : ৰে’ল মন্ত্ৰ্যালয়

May 16, 2020 5:22 pm · এন ই নাও নিউজ
Updated: May 16, 2020 5:23 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

১৫ মে’ৰ মাজনিশালৈকে ৰে’ল মন্ত্ৰ্যালয়ে ১০০০খনতকৈ অধিক ‘শ্ৰমিক স্পেচিয়েল’ ট্ৰেইনৰ চলাচল কৰাইছে আৰু ইয়াৰ জৰিয়তে বিভিন্ন ঠাইত আবদ্ধ হৈ থকা ১৪ লাখতকৈ অধিক প্ৰব্ৰজিত শ্ৰমিক নিজা ঘৰলৈ উভতি গৈছে।

ৰে’ল মন্ত্ৰ্যালয়ৰ বিবৃতিৰ উদ্ধৃতিৰে নিউজ এজেন্সী ANI বাতৰিত প্ৰকাশ।

বিবৃতিটোত কোৱা হয়, ’১৫ মে’ৰ মাজনিশালৈকে মন্ত্ৰ্যালয়ে ১০৭৪খন ‘শ্ৰমিক স্পেচিয়েল’ ট্ৰেইন চলাচল কৰাইছে।‘

‘যোৱা ৩ দিনত প্ৰত্যেক দিনাই ২ লাখতকৈ অধিক লোকক নিজ ঠাইলৈ ঘূৰাই পঠোৱা হয়’ বিবৃতিটোত কয়।

উল্লেখযোগ্য যে এই মাহৰ আৰম্ভণিতে কেন্দ্ৰীয় চৰকাৰে লকডাউনৰ ফলত দেশৰ বিভিন্ন ঠাইত আবদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিকসকলক নিজ ঠাইলৈ লৈ ঘূৰাই নিয়াৰ বাবে বিশেষ ‘শ্ৰমিক’ ট্ৰেইনৰ চলাচল আৰম্ভ কৰিছিল।

ইয়াৰ উপৰি ৰে’ল মন্ত্ৰ্যালয়ে যোৱা ১২ মে’ত ১৫খন আন্তঃৰাজ্যিক যাত্ৰীবাহী ট্ৰেইনৰ চলাচল আৰম্ভ কৰিছিল। ১২ মে’ত ৰাজধানী দিল্লীৰ পৰা দেশৰ বিভিন্ন ঠাইলৈ ১৫খন ট্ৰেইনে যাত্ৰা আৰম্ভ কৰে।

১৩ মে’ৰ পৰা কাৰ্যকৰী হোৱাকৈ IRCTC-এ টিকেট বুক কৰা সকলো যাত্ৰীৰ গন্তব্য ঠিকনা লোৱা আৰম্ভ কৰিছে। ইয়াৰ দ্বাৰা প্ৰয়োজনত Covid-19 কণ্টেকত বিচাৰি উলিয়াত সহায়ক হ’ব বুলি ৰে’লৱেই জনায়।

যোৱা মাৰ্চ মাহত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি লকডাউন ঘোষণা কৰাৰ পিছতে সকলো যাত্ৰীবাহী ট্ৰেইনৰ চলাচল বন্ধ কৰি দিয়া হৈছিল।

Related News