NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

পাকিস্তানত ধাৰাবৃষ্টি আৰু বানৰ ফলত  ৩০০ৰো অধিক লোকৰ মৃত্যু : ২০০ৰো অধিক লোক এতিয়াও সন্ধানহীন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 17, 2025 7:58 pm
পাকিস্তানত ধাৰাবৃষ্টি আৰু বানৰ ফলত  ৩০০ৰো অধিক লোকৰ মৃত্যু : ২০০ৰো অধিক লোক এতিয়াও সন্ধানহীন

পাকিস্তানত সংঘটিত হৈছে ভয়ানক প্ৰাকৃতিক দুৰ্যোগ। বিগত কেইবাদিন ধৰি নেৰানেপেৰাকৈ দি থকা বৰষুণত বানৰ সৃষ্টি হৈছে।

পাকিস্তান অন্তৰ্গত কাশ্মীৰত ক্ষন্তেকীয়া বানপানীৰ ফলত ৩০০ৰো অধিক লোকৰ মৃত্যু হৈছে।

খাইবাৰ পাখতুনখোৱাৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলা বুনেৰৰ এজন স্থানীয় বিষয়াই জনোৱা মতে, তাত এতিয়াও কমেও ২০৯ জন লোক নিৰুদ্দেশ হৈ আছে আৰু এই সংখ্যা বৃদ্ধি পাব পাৰে।

ইতিমধ্যে চৰকাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও ধাৰাসাৰ বৃষ্টিৰ বাবে উদ্ধাৰ কাৰ্যত বাধাৰ সন্মুখীন হৈছে।