NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ৰাছিয়াৰ আক্ৰমণত তিনি হাজাৰতকৈও অধিক ইউক্ৰেইনীয় নাগৰিকৰ মৃত্যু: ৰাষ্ট্ৰসংঘৰ দাবী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 2, 2022 9:11 pm
Russia-Ukraine war

যোৱা ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ পিছত ইউক্ৰেইনত ৩,০০০ তকৈও অধিক সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ে এক বিবৃতি যোগে এই দাবী কৰিছে।

বিবৃতিটোত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয় কয় যে মৃতকৰ প্ৰকৃত সংখ্যা যথেষ্ট বেছি হোৱাৰ সম্ভাৱনা আছে।

এই পৰ্যন্ত নিহত হোৱা অধিক সংখ্যক লোকেই বিস্ফোৰক অস্ত্ৰৰ দ্বাৰা, যেনে মিছাইল আক্ৰমণ আৰু বিমান আক্ৰমণ আদিৰ ফলত নিহত হৈছে বিবৃতিটোত দাবী কৰা হৈছে।

উল্লেখ্য যে ৰাছিয়াই ইউক্ৰেইনত এই আক্ৰমণক ইউক্ৰেইনক নিৰস্ত্ৰ কৰিবলৈ আৰু ফেচিষ্টসকলৰ পৰা সুৰক্ষিত কৰিবলৈ এক বিশেষ অভিযান বুলি অভিহিত কৰিছে।