NORTHEAST NOW (Assamese)
Popular Stories

দেশত ক’ৰ’না আক্ৰান্তৰ সংখ্যাই গঢ়িলে নতুন ৰেকৰ্ড

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 16, 2020 12:38 pm
Wuhan-coronavirus-750x375

দেশত যোৱা কিছু দিনৰ পৰা সাংঘাটিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’নাৰ সংক্ৰমণ। ২৪ ঘণ্টাৰ অন্তৰালত স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰি থকা তথ্যই ভয়ংকৰ ভৱিষ্যতৰ ইংগিত প্ৰদান কৰিছে।

বৃহস্পতিবাৰে স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিব দিয়া মতে, ভাৰতত বিগত ২৪ ঘণ্টাত ৩২,৬৯৫ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। আনহাতে যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৬০৬ গৰাকী ৰোগী।

সংক্ৰমণৰ দিশৰ পৰা চাব গ’লে ভাৰতত এটা দিনত ক’ৰ’নাৰ এইটোৱেই সৰ্বাধিক সংখ্যা।

দেশত এতিয়া ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৯,৬৮,৮৭৬ গৰাকী আৰু মৃত্যু হৈছে ২৪,৯১৫ গৰাকী।

উল্লেখ্য যে দেশত এতিয়া ৩,৩১,১৪৬ গৰাকী ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৬,১২,৮১৫ গৰাকী ৰোগী ক’ৰ’না মুক্ত হৈছে।

ক’ৰ’নাৰ সংহাৰ হ্ৰাস নাপালেও ভাৰতৰ বাবে এটাই সুখবৰ যে ক’ৰ’নাৰ চিকিৎসা চলি থকা ৰোগীৰ সংখ্যাতকৈ ক’ৰ’না মুক্তৰ সংখ্যা অধিক।

ইফালে ৰাজ্যৰ ভিতৰতে মহাৰাষ্ট্ৰত দেশৰ ভিতৰতে সৰ্বাধিক ২,৭৫,৬৪০ গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে ১০,৯২৮ গৰাকী ৰোগীৰ মৃত্যু হৈছে।

আনহাতে তামিলনাডুত এতিয়ালৈ ১,৫১,৮২০ গৰাকী লোক আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে ২,১৬৭ গৰাকী ৰোগী।

ইয়াৰ উপৰি দিল্লীত ১,১৬,৯৯৩ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৩,৪৮৭ গৰাকী লোক মৃত্যুমুখত পৰিছে।