NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

পুনৰ ক’ভিড: একেদিনাই চিনাক্ত ৪ লাখতকৈও অধিক ৰোগী

Posted by: নৰ্থ ইষ্ট নাও Updated by: নৰ্থ ইষ্ট নাও November 10, 2022 12:59 pm
vietnam covid

বিশ্বত পুনৰ আৰম্ভ হৈছে কভিডৰ আতংক। আকৌ হ’ব নেকি পূৰ্বৰ দৰে পৰিস্থিতি? আকৌ হ’ব নেকি ল’ক ডাউন? এতিয়া এই প্ৰশ্নই জোকাৰিছে বিশ্ব।

বিগত ২৪ ঘন্টাত সমগ্ৰ বিশ্বতে চিনাক্ত হৈছে ৪ লাখ ৯৪ হাজাৰ ৬৭৬ জন কৰ’না ৰোগী চিনাক্ত কৰা হৈছে। ইয়াৰে ২ হাজাৰ ২৫৬ জন ৰোগীৰ ইতিমধ্যেই মৃত্যু হৈছে আৰু বাকী সকল ৰোগী চিকিৎসাধীন অৱস্থাত আছে।

যোৱা বুধবা বিশ্বত কভিড ৰোগত আক্ৰান্ত হয় ৩ লাখ ১৭ হাজাৰ লোক। ইয়াৰে ১ হাজাৰ ৩৬৪ জন ৰোগীৰ মৃত্যু ঘটে।

ৱৰ্ল্ডোমিটাৰৰ তথ্য অনুসৰি বৃহস্পতিবাৰে পুৱা ১০ বজালৈকে বিশ্বজুৰি মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৬৩,৮৮,৮২,৭০৩। মুঠ মৃতকৰ সংখ্যা বৃদ্ধি পায় ৬৬ লাখ ১০ হাজাৰ ১৩০ জন হৈছেগৈ। আৰু ৬১ কোটি ৮৬ লাখ ৪১ হাজাৰ ৩০৯ জন লোক সুস্থ হৈ উঠিছে।

এতিয়ালৈকে আমেৰিকাত সৰ্বাধিক ক’ভিড-১৯ত আক্ৰান্ত আৰু মৃত্যুৰ তথ্য পোৱা গৈছে। আমেৰিকাত মুঠ আক্ৰান্তৰ সংখ্যা ৯ কোটি ৯৮ লাখ ৯৭৬৭ জন। মুঠ ১০ লাখ ৯৯ হাজাৰ ৪৯৪ জন লোকৰ মৃত্যু হৈছে আমেৰিকাত।

আক্ৰান্ত আৰু মৃতকৰ তালিকাত দ্বিতীয় স্থানত আছে ভাৰত। ভাৰতত এই পৰ্যন্ত ৪ কোটি ৪৬ লাখ ৬৩ হাজাৰ ৯৬৮ জন লোক কৰ’নাত আক্ৰান্ত হৈছে আৰু ৫৩০ হাজাৰ ৫১৪ জন লোকৰ মৃত্যু।

আক্ৰান্তৰ ক্ষেত্ৰত দ্বিতীয় স্থান আৰু মৃত্যুৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে । ফ্ৰান্সত এতিয়ালৈকে মুঠ ৩ কোটি ৭০ লাখ ৪১ হাজাৰ ১০২০ জন লোক আক্ৰান্ত হৈছে আৰু ১ লাখ ৫৭ হাজাৰ ৬১৮ জন লোকৰ মৃত্যু হৈছে ।

ইয়াৰ পিছত ব্ৰাজিল আক্ৰান্তৰ ক্ষেত্ৰত চতুৰ্থ আৰু মৃত্যুৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে। ব্ৰাজিলত মুঠ ৩ কোটি ৪৯ লাখ ১৯ হাজাৰ ১৯ জন লোক আক্ৰান্ত হৈছে আৰু এতিয়ালৈকে ৬৮৮ হাজাৰ ৬১৭ জন লোকৰ মৃত্যু হৈছে।