NORTHEAST NOW (Assamese)

এ আই য়ু ডি এফত ব্যাপক খহনীয়া; অগপত অৰ্ধ শতাধিকৰ যোগদান

August 20, 2018 5:34 pm · ইয়াছিন আলী
Updated: August 20, 2018 5:36 pm

এ আই য়ু ডি এফ দলত ব্যাপক খহনীয়া সৃষ্টি কৰি বঙাইগাঁও জিলাত দলটোৰ অৰ্ধ শতাধিক কৰ্মীয়ে শাসনাধিস্থ মিত্ৰজোঁট চৰকাৰৰ সহযোগী দল অগপত যোগদান কৰে।

দেওবাৰে বঙাইগাঁৱৰ ৩৪ নং উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ ভাণ্ডাৰা গাঁও পঞ্চায়তত অগপৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায়ৰ উপস্থিতিত অনুষ্ঠিত উক্ত সভাত ২নং ভাণ্ডাৰা গাঁৱৰ আমিৰ হুছেইনে সভাপতিত্ব কৰে।

আঞ্চলিক সদস্যা আঞ্জুমনোৱাৰাৰ নেতৃত্বত নতুনকৈ যোগদান কৰা এ আই য়ু ডি এফৰ প্ৰতিজন কৰ্মীকে প্ৰাক্তন বিধায়ক ভূপেন ৰায়ে ফুলাম গামোচাৰে আদৰনি জনায়।

অগপ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ইমান সংখ্যক সদস্যই দলত যোগদান কৰিছে বুলি ভূপেন ৰায়ে মন্তব্য কৰে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বেও কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ কেইবাশতাধিক কৰ্মীয়ে অগপত যোগদান কৰিছিল।

Related News