NORTHEAST NOW (Assamese)

খাদ্যত বিষক্ৰিয়া! নগাঁৱত মধ্যাহ্ন ভোজন গ্ৰহণ কৰাৰ পাছতে অসুস্থ অৰ্ধশতাধিক শিক্ষাৰ্থী

May 18, 2023 9:05 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 18, 2023 12:11 am
প্ৰতিনিধিত্বমূলক ছবি

বুধবাৰে নগাঁৱৰ এখন নিম্ন প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন কৰাৰ পিছতেই বিদ্যালয় চৌহদত অসুস্থ হৈ পৰে অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী। নগাঁও জিলাৰ কামপুৰ চহৰৰ ৰাজগাঁও দক্ষিণ যোৰবাগান এল পি স্কুলত এই ঘটনা সংঘটিত হৈছে।

প্ৰকাশিত খবৰ অনুসৰি খাদ্য গ্ৰহণ কৰাৰ ঠিক পিছতেই অসুস্থ হ’বলৈ ধৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল। অসুস্থতাৰ লক্ষণ দেখা দিয়া সকলো শিক্ষাৰ্থীকে লগে লগে শিঙিমাৰী ৰাজ্যিক ঔষধৰ চিকিৎসালয়লৈ লৈ যোৱা হয়।

ইফালে এই ঘটনাৰ পাছতে উত্তেজিত হৈ পৰে অসুস্থ শিক্ষাৰ্থীসকলৰ অভিভাৱকসকল। বিদ্যালয়খনৰ প্ৰধান শিক্ষক স্বৰ্ণালী পাঠকৰ বিৰুদ্ধে ক্ষুব্ধ অভিভাৱকসকলে দায়িত্বহীনতাৰ অভিযোগ উত্থাপন কৰে।

লক্ষণীয়ভাৱে শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত খাদ্য বিষক্ৰিয়াৰ ঘটনা সংঘটিত হৈছে। বুধবাৰে পুৱা পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত খেৰনী অঞ্চলতো এনে কাৰণতে মহিলা আৰু শিশুকে ধৰি ৫০ জনতকৈ অধিক লোক অসুস্থ হৈ পৰে।

জানিব পৰা মতে মনসা পূজাৰ প্ৰসাদ খাই এইসকল লোক অসুস্থ হৈ পৰিছে।

Related News