NORTHEAST NOW (Assamese)
অৰুণাচল

উত্তৰ-পূৰ্বাঞ্চলৰ পৰিৱেশতন্ত্ৰৰ ওপৰত আক্ৰমণ : দুটা জলবিদ্যুৎ প্ৰকল্পৰ বাবে কটা হ’ব ৮০ হাজাৰতকৈ অধিক গছ, ধ্বংস হ’ব বৃহৎ বনাঞ্চল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 30, 2026 9:37 pm

অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰিবলগীয়া দুটা ডাঙৰ জলবিদ্যুৎ প্ৰকল্পৰ বাবে ৮০ হাজাৰতকৈও অধিক গছ কটা হব আৰু প্ৰায় ১,১৩১ হেক্টৰ বনাঞ্চলৰ ভূমি অন্য কামত ব্যৱহাৰ কৰা হব।

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনৰ বন পৰামৰ্শদাতা কমিটীৰ নথিপত্ৰৰ পৰা এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰালয়ে এই দুয়োখন প্ৰকল্পক কিছুমান পৰিৱেশ আৰু বন্যপ্ৰাণী সম্পৰ্কীয় কঠোৰ চৰ্ত সাপেক্ষে নীতিগতভাৱে অনুমোদন জনাইছে।

এই প্ৰকল্প দুখনৰ ভিতৰত ডাঙৰ প্ৰকল্পটো হৈছে লোহিত নদী অৱবাহিকাত নিৰ্মাণ হবলগীয়া ১,২০০ মেগাৱাট ক্ষমতা সম্পন্ন কালাই-২ জলবিদ্যুৎ প্ৰকল্প। টি এইচ ডি চি ইণ্ডিয়া লিমিটেডে নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পটোৰ বাবে নামচাই আৰু আনজাও বন সংমণ্ডলৰ ৮৬৯.৩৫০৩ হেক্টৰ বনভূমি ব্যৱহাৰ কৰা হব। কেৱল এই কামটোৰ বাবেই ৩৩,৩৩৮ জোপো গছ কাটি পেলোৱাৰ প্ৰস্তাৱ দিয়া হৈছে। এই মুঠ বনভূমিৰ ভিতৰত প্ৰায় ৬৩৮.৪৫৬ হেক্টৰ ভূমি পানীৰ তলত বুৰ যাব আৰু বাকী থকা ভূমি পথ নিৰ্মাণ, কোৱাৰী, জাবৰ পেলোৱা ঠাই আৰু অন্যান্য কামৰ বাবে ব্যৱহাৰ কৰা হব। এই অঞ্চলটোত হুলক গিবন, টুপীধৰী বান্দৰ, অসমীয়া বান্দৰ, নাহৰফুটুকী মেকুৰী, শৰপহু, টাকিন আৰু অতি সংকটত থকা বগা পেটৰ বগলী আদি বিৰল বন্যপ্ৰাণী পোৱা যায়। সেয়েহে এই বগা পেটৰ বগলী সংৰক্ষণৰ বাবে বিশেষ পৰিকল্পনা কৰিবলৈ ৱাইল্ডলাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়াক নিৰ্দেশ দিয়া হৈছে।

আনহাতে দ্বিতীয়খন প্ৰকল্প হৈছে ডিবাং উপত্যকা জিলাৰ টালো নদী অৱবাহিকাত নিৰ্মাণ হবলগীয়া ৬৮০ মেগাৱাট ক্ষমতাৰ আটুনলি জলবিদ্যুৎ প্ৰকল্প। এছ জে ভি এন লিমিটেডে নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পটোৰ বাবে ২৬১.৫৩ হেক্টৰ বনভূমি ডাইভাৰ্ট কৰা হব আৰু ইয়াৰ বাবে অকলেই ৪৭,২৪৩ জোপো গছ কটা হব। এই অঞ্চলটো অতি ঘন বনাঞ্চলৰ অন্তৰ্গত। পাহাৰীয়া অঞ্চল হোৱা বাবে ইয়াত ভূমিস্খলন আৰু মাটিৰ সুস্থিৰতাৰ প্ৰতি লক্ষ্য ৰাখি অৰুণাচল প্ৰদেশ চৰকাৰক বিশেষজ্ঞ প্ৰতিষ্ঠানৰ জৰিয়তে ভূ-তাত্ত্বিক অধ্যয়ন কৰিবলৈ কোৱা হৈছে। অৱশ্যে প্ৰকল্পটো শেষ হলে জাবৰ পেলোৱা ঠাই আদিকে ধৰি প্ৰায় ১২০.৫৭ হেক্টৰ ভূমি পুনৰ বন বিভাগক ঘূৰাই দিয়া হব।

অৰুণাচল প্ৰদেশ হৈছে ভাৰতৰ আটাইতকৈ চহকী জৈৱ-বৈচিত্ৰ্য আৰু বনভূমি থকা ৰাজ্যসমূহৰ অন্যতম। কিন্তু বৰ্তমান সময়ত ৰাজ্যখনত জলবিদ্যুৎ প্ৰকল্পৰ বাবে কৰা এনে প্ৰয়াসে পৰিৱেশৰ ব্যাপক ক্ষতি কৰাৰ লগতে বন্যপ্ৰাণীৰ বাসস্থান ধ্বংস কৰিব পাৰে বুলি আশংকা কৰা হৈছে। ইয়াৰ ফলত সামগ্ৰিকভাৱে ব্ৰহ্মপুত্ৰ নদী উপত্যকাৰ পৰিৱেশৰ ওপৰতো বেয়া প্ৰভাৱ পৰিব পাৰে বুলি বিশেষজ্ঞসকলে উদ্বেগ প্ৰকাশ কৰিছে।