NORTHEAST NOW (Assamese)
অসম

ধুবুৰীত শতাধিক ইছলামধৰ্মী লোকৰ বিজেপিত যোগদান

Posted by: মুকেশ কুমাৰ সিং Updated by: মুকেশ কুমাৰ সিং November 11, 2020 7:24 pm

ধুবুৰীত আজি প্ৰায় ১২৫ গৰাকীতকৈয়ো অধিক সংখ্যালঘু মুছলমান লোকে ধুবুৰী বিজেপি গোটৰ নেতা সকলৰ উপস্থিতিত বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে।

ধুবুৰী জিলা বিজেপিৰ সভাপতি ড০ দেৱময় সন্যালৰ উপস্থিতিত গোলকগঞ্জৰ শিল্পী সমাজ প্ৰেক্ষাগৃহত অনুষ্ঠিত যোগদান কাৰ্য্যসূচীত শতাধিক ধৰ্মীয় সংখ্যালঘু লোকে বিজেপিত যোগদান কৰে।

এই যোগদান কাৰ্য্যসূচীৰ পাছতে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি ধুবুৰী জিলা বিজেপিৰ সভাপতি গৰাকীয়ে কয় যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত সকলো স্তৰৰ লোকৰ বিকাশ সাধন হৈছে।

ধৰ্ম, জাত-পাতৰ উৰ্দ্ধলৈ গৈ প্ৰধান মন্ত্ৰী মোদীয়ে সবকা সাথ, সবকা বিকাশ শ্লোগানেৰে দেশত বিকাশ নতুন গতি আৰম্ভ কৰিছে বুলিও তেওঁ লগতে কয়।

‘‘বিগত ছয়টা বৰ্ষত বিজেপি চৰকাৰৰ কাম-কাজ সকলো স্তৰৰ লোকে দেখিছে আৰু সেইবাবে আজি মুছলমান ধৰ্মৰ ভাই-ভনী সকলোৱে বিজেপিৰ প্ৰতি আকৰ্ষিত হৈ বিজেপিত যোগদানৰ বাবে ওলাই আহিছে,’’ দেৱময় সন্যালে কয়।

উল্লেখযোগ্য যে, ধুবুৰীত এমাহৰ ভিতৰতে ৩০০০ ত কৈ অধিক ধৰ্মীয় সংখ্যালঘু লোকে বিজেপিত যোগদান কৰিছে।

যোগদান কাৰ্য্যসূচীত উপস্থিত থাকি বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি চামিন খানেও ভাষণ প্ৰদান কৰে।