NORTHEAST NOW (Assamese)

পলাতক ললিত মোদী আৰু নীৰৱ মোদীক বিদেশৰ পৰা ধৰি আনিব মৰিয়ণীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে!

April 8, 2020 9:11 pm · এন ই নাও নিউজ
Updated: April 8, 2020 9:13 pm

মৰিয়ণীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিস্ফোৰণ।

পলাতক ললিত মোদী আৰু নীৰৱ মোদীক বিদেশৰ পৰা ধৰি আনিব বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

আজি সংবাদ মাধ্যমৰ আগত এই দাবী কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সংবাদ মাধ্যমৰ আগত আৰু কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ এই সংকট তথা বিপদৰ সময়ত দেশৰ হাজাৰ হাজাৰ কোটি ধন সৰলুকি কৰি বিদেশত পলায়ন কৰি থকা ললিত মোদী আৰু নীৰৱ মোদীক ধৰি আনি তেওঁলোকে চুৰি কৰা ধনেৰে ৰাইজক খাদ্য সামগ্ৰী যোগান কৰা উচিত আছিল।

আনকি বিধায়ক কুৰ্মীয়ে পলাতক  দুই মোদীক প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ আত্মীয় বুলি  দাবী  কৰি কয় যে প্ৰধানমন্ত্ৰীয়ে ‘মোক দুজনমান আৰক্ষী দিয়ক। মই আৰক্ষীৰ সৈতে  গৈ বিদেশৰ পৰা ললিত মোদী আৰু নীৰৱ মোদীক ধৰি আনিম। মই অলপ কাৰাটে জানো, ব’ডী বনাইছো, দুই এঘোচা দি সিহঁতক ধৰি লৈ আনিম।’

উল্লেখ্য যে নিজ সমষ্টিৰ দৰিদ্ৰ শ্ৰেণী লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ সময়ত সাংবাদিকেৰে মুখামুখি হৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এইদৰে কয়।

আনহাতে বিধায়ক ৰূপজ্যোতি কূৰ্মীয়ে বৰ্তমান দৰিদ্ৰ ৰাইজৰ নামত আৱন্টিত ধনৰ কেলেংকাৰী হোৱাৰ অভিযোগ কৰি আজি যোৰহাট জিলা উপায়ুক্তৰ যোগেদি প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰে৷

দেশজুৰি ল’কডাউন চলি থকাৰ সময়ত বহু দৰিদ্ৰ পৰিয়ালৰ লোকে তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত হ’ব লগা হোৱা ঘটনাৰো চোকা সমালোচনা কৰে বিধায়ক গৰাকীয়ে৷

Related News