NORTHEAST NOW (Assamese)

ৰাতিপুৱা খোজ কাঢ়িলে কি হয়? জানো আহক – 

March 20, 2024 9:21 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

ৰাতিপুৱা শুই উঠি খৰকৈ খোজকঢ়াটোক অতি ভাল অভ্যাস বুলি গণ্য কৰা হয়। ৰাতিপুৱা শুই উঠি খোজ কঢ়াৰ আছে অনেক উপকাৰিতা। জানো আহকচোন ৰাতিপুৱা শুই উঠি খোজ কঢ়াৰ কেইটামান বিশেষ উপকাৰিতা –

১/ শক্তিৰ মাত্ৰা বৃদ্ধি কৰে : দ্ৰুতগতিত ৰাতিপুৱা খোজ কাঢ়ি দিনটো আৰম্ভ কৰিলে তেজৰ সঞ্চালন আৰু অক্সিজেনৰ প্ৰবাহ বৃদ্ধি পায়। ই আপোনাৰ শৰীৰ আৰু মন দুয়োটাকে সুস্থ আৰু শক্তিশালী কৰি ৰখাত সহায় কৰে।

২/ মন মেজাজ উন্নত কৰে : খোজ কঢ়াকে ধৰি আন সকলো ব্যায়ামে এণ্ড’ৰ্ফিন হ’ৰমন নিৰ্গত কৰে, এই হ’ৰমনে সুখৰ অনুভূতি বৃদ্ধি কৰাৰ লগতে মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰে। 

৩/ মনৰ স্পষ্টতা আৰু কামত মনোনিৱেশ বৃদ্ধি কৰে : খোজ কঢ়াই মগজুৰ কাৰ্য্যকলাপক উদ্দীপিত কৰে, সজাগতা বৃদ্ধি কৰে আৰু জ্ঞানমূলক কাৰ্য্যক্ষমতা উন্নত কৰে। 

৪/ ওজন হ্ৰাস কৰাত সহায় কৰে : বিশেষকৈ স্বাস্থ্যসন্মত খোৱা বোৱা নিয়মিতভাৱে খোজ কাৰ্যই কেলৰি নাশ কৰে আৰু বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰি ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। ইয়াৰ উপৰিও ই পেশী শক্তিশালী কৰাত সহায় কৰে।

৫/ হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে : খোজ কঢ়াটো কাৰ্যই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰিব পাৰে। দৈনিক ৰাতিপুৱা খোজ কাঢ়িলে সময়ৰ লগে লগে হৃদযন্ত্ৰ সুস্থ হোৱাত অৰিহণা যোগাব পাৰে।

৬/ টোপনিৰ মান উন্নত কৰে : ৰাতিপুৱা খোজ কাঢ়িলে টোপনিৰ মান উন্নত হয়।

৭/ ভিটামিন ডিৰ মাত্ৰা বৃদ্ধি কৰে : ৰাতিপুৱাৰ সূৰ্যৰ পোহৰ ভিটামিন ডিৰ স্বাভাৱিক উৎস। ই হাড় শক্তিশালী কৰি ৰখা, ৰোগ প্ৰতিৰোধ ক্ষমতাক বৃদ্ধি কৰা আৰু সামগ্ৰিক স্বাস্থ্যৰ উন্নতিৰ বাবে পৰ্যাপ্ত ভিটামিন ডি যোগান ধৰে।

৮/ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে : নিয়মিত খোজ কঢ়াই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে, যাৰ ফলত সংক্ৰমণ আৰু বেমাৰৰ পৰা বাচি থাকিব পাৰে

Related News