NORTHEAST NOW (Assamese)
অসম

আজি গুৱাহাটীত পাবহি বীৰ ছহিদ হাবিলদাৰ হৰধন চন্দ্ৰ ৰায়ৰ মৃতদেহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 15, 2020 7:03 pm
Army-jawan-750x375

আজি সন্ধিয়া গুৱাহাটীত পাবহি বীৰ ছহিদ হাবিলদাৰ হৰধন চন্দ্ৰ ৰায়ৰ মৃতদেহ।

ছহিদ গৰাকীৰ মৃতদেহটো আজি সন্ধিয়া ৫.৩০ বজাত গুৱাহাটী বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত পোৱাহি কথা আছিল যদিও বিশেষ সূত্ৰে পোৱা খবৰ অনুসৰি সন্ধিয়া ৭ বজাত পাবহি জানিব পৰা গৈছে।

সূত্ৰটোৰ মতে বিমান যোগে গুৱাহাটীত পোৱাৰ পিছতে বীৰ ছহিদ গৰাকীৰ মৃতদেহটো বেছ হাস্পতাললৈ নিয়া হ’ব আৰু তাৰ পৰাই এম্বুলেঞ্চেৰে নিজ বাসগৃহ ধুবুৰীলৈ নিয়া হ’ব।

অহা সোমবাৰে ধুবুৰী জিলাৰ নিজ গাঁৱত বীৰ ছহিদ গৰাকীৰ শেষ কৃত্য সম্পন্ন কৰা হ’ব।

ধুবুৰী জিলাৰ চপটাগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত ফুটুকীবাৰী-মেধীপাৰাৰ হৰধন চন্দ্ৰ ৰায়ৰ যোৱা শুকুৰবাৰে জন্মু আৰু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী সৈন্যৰ গুলী বৰ্ষণত মৃত্যু ঘটিছিল।

উল্লেখ্যে যে, উক্ত সংঘৰ্ষত পাকিস্তানী সেনাৰ বিশেষ সেৱা গোটৰ ২ জন সদস্যৰসহ মুঠ ৭ জন পাকিস্তানী সেনাৰ মৃত্যু হোৱা বুলি সূত্ৰটোৱে দাবী কৰিছে।

আনহাতে ১০ৰপৰা ১২ গৰাকী পাকিস্তানী সেনা আহত হোৱা বুলিও দাবী কৰিছে সুত্ৰটোৱে।

ইফালে ভাৰতৰ স্থলসেনা প্ৰধান এম এম নাৰাভনে ভাৰতৰ বীৰ ছহিদসকলৰ সৰ্বোচ্চ ত্যাগক সন্মান প্ৰদৰ্শন কৰি ছহিদসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।